NORTHEAST NOW (Assamese)
অসম

ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত; ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ দুই চীনা নাগৰিকক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 8, 2023 9:20 am
ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত; ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ দুই চীনা নাগৰিকক

দুজন চীনা নাগৰিকক গ্ৰেটাৰ নয়ডাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত থকাৰ অভিযোগ উঠিছে।

শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে চীনৰ নাগৰিক দুজনৰ পাছপ’ৰ্ট আৰু ভিছাৰ নথি-পত্ৰ পৰীক্ষা কৰা হয়। তাৰ পিছত গম পোৱা গ’ল যে তেওঁলোকৰ ভিছাৰ ম্যাদ কেতিয়াবাই উকলি গৈছে। তথাপিও তেওঁলোক অবৈধভাৱে ভাৰতত আছে।

লগতে পঢ়ক: কোন বা জিকে! টুইটাৰ আৰু মেটাৰ মাজত ‘থ্ৰেডছ’ক লৈ যুঁজ; আইনী ব্যৱস্থাৰ হুংকাৰ ইলন মাস্কৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, চীনৰ অভিযুক্ত দুজন নাগৰিক হৈছে ডাং চংকং আৰু মেং শ্বৌগুও। দুয়োৰে বয়স ত্ৰিশৰ ভিতৰত। তেওঁলোকে গ্ৰেটাৰ নয়ডাৰ গ্ৰীণউডছ ছ’চাইটিৰ ছেক্টৰ ওমেগা ৱানত আছিল।

তেওঁলোকে ভাৰতত চীনৰ মোবাইল কোম্পানী Oppo ত কাম কৰিছিল। চীনা নাগৰিক দুজন ই-বিজনেছ ভিছা লৈ ছমাহৰ বাবে ভাৰতলৈ আহিছিল। যোৱা এপ্ৰিল মাহত তেওঁলোকৰ ভিছাৰ ম্যাদ উকলি গৈছিল।

লগতে পঢ়ক: জীৱনত সুখ বিচাৰেনে? মানি চলক আচাৰ্য চাণক্যৰ এই তিনিটা নীতি; আহিব সুখ,পলাব দুখ

উল্লেখ্য যে চীনা নাগৰিক দুজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁলোকক দিল্লীৰ আৰ কে পুৰম ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।