NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰত ট্ৰাকৰ সৈতে গাড়ীৰ মুখামুখি সংঘৰ্ষত নিহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 8, 2023 9:57 am

শোণিতপুৰৰ জামুগুৰিহাটত সংঘটিত এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে।

শনিবাৰে পুৱাৰ ভাগত ‘AS01BG9710’ নম্বৰৰ পঞ্জীয়নভুক্ত চুইফট বাহনে কাষৰ পৰা তীব্ৰ বেগত ডাম্পাৰ ট্ৰাকৰ সৈতে খুন্দা মাৰে।

এই সংঘৰ্ষৰ ফলত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোক আহত হয়। নিহত ছাত্ৰজনক লুকু শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

ডিব্ৰুগড় জিলাৰ পৰা মঙলদৈ অভিমুখে গৈ থকা অৱস্থাত জামুগুৰিহাটৰ ধলাইবাৰী অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতিৰ বুজ লয়।

আহত ব্যক্তিকেইজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ধলাইবিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ভৰ্তি কৰা হয়।

পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে শোণিতপুৰ জিলাৰ টুমুকী গাঁৱৰ সমীপৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।