NORTHEAST NOW (Assamese)
অসম

ভেকচিন নহয়, পূজা-পাতলেৰে ক’ৰ’ণা দূৰ কৰাৰ চেষ্টা মাস্ক নিপিন্ধা বিজেপি মন্ত্ৰীৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 8:16 am
MP-minister

যিটো সময়ত ক’ৰ’ণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়তে বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাকৈয়ে পূজা-পাতলৰ মাধ্যমেৰে ক’ৰ’ণা দূৰ কৰিবলৈ চলোৱা চেষ্টাই বহুতকে আমোদ দিছে।

মধ্যপ্ৰদেশৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী তথা বিজেপিৰ নেত্ৰী উষা ঠাকুৰে শেহতীয়াকৈ ইন্দোৰৰ বিমান বন্দৰত স্থাপিত দেৱী অহল্যা বাই হোলকাৰৰ প্ৰতিমূৰ্তিত ক’ৰ’ণা দূৰ কৰাৰ বাবে পূজা-অৰ্চনা কৰে।

লক্ষ্যণীয় ভাবে মন্ত্ৰী উষা ঠাকুৰে কোনো মাস্ক পৰিধান নকৰাকৈয়ে বিমানবন্দৰত উপস্থিত আছিল।

ক’ৰ’ণাৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তো এইগৰাকী বিজেপি মন্ত্ৰীয়ে সাংবাদিকক এইবুলি কৈছিল যে তেওঁ নিতৌ হনুমান চালিছা পাঠ কৰে, সেয়ে তেওঁৰ মাস্ক পিন্ধাৰ প্ৰয়োজন নাই।

মাস্ক নিপিন্ধাকৈয়ে ক’ৰ’ণা দূৰ কৰিবলৈ বিমানবন্দৰত  পূজা-অৰ্চনা কৰা মন্ত্ৰী উষা ঠাকুৰৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে বহুতে তেওঁক সমালোচনাৰে থকা-সৰকা কৰিছে।

যিটো সময়ত ভেকচিনেৰেও ক’ৰ’ণা প্ৰতিহত কৰা এক প্ৰকাৰ কঠিন হৈ পৰিছে, সেই সময়তে কোভিড প্ৰ’টোকল নামানি কেৱল পূজা-পাঠেৰে ক’ৰ’ণা দূৰ কৰিবলৈ মন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপক বহুতে বাহুল্য আখ্যা দিছে।