NORTHEAST NOW (Assamese)
Popular Stories

মহিলা কৰ্মচাৰীলৈ যৌনগন্ধী মেচেজ : ৱাইপাৰেৰে কাৰ্যালয়ৰ মুৰব্বী বিষয়াক প্ৰহাৰ, চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2021 9:27 am
index.jpgc

নিজ কাৰ্যলায়ৰ এগৰাকী মহিলা কৰ্মচাৰীলৈ যৌনগন্ধী মেচেজ কৰি মহিলা কৰ্মচাৰীগৰাকীৰ ৰোষত পৰিল এটা চৰকাৰী কাৰ্যালয়ৰ মুৰব্বী বিষয়া এগৰাকী।

এই ঘটনাটো সংঘটিত হৈছে চীনৰ এটা চৰকাৰী কাৰ্যালয়ত।

ঘটনাৰ বিৱৰণীৰ মতে চীনৰ হেইলঙজিয়াঙ প্ৰভিন্সৰ চুইহোৱা জিলাৰ বেইলিন নামৰ ঠাইৰ এটা চৰকাৰী কাৰ্যালয়ৰ ৱাঙ নামৰ মুৰব্বী বিষয়াগৰাকীয়ে ঝৌ উপাধিৰ মহিলা কৰ্মচাৰীগৰাকীলৈ যৌনগন্ধী মেচেজ প্ৰেৰণ কৰি আহিছিল।

প্ৰথমাৱস্থাত মহিলা কৰ্মচাৰীগৰাকীয়ে কাৰ্যালয়ৰ মুৰব্বী বিষয়াগৰাকীয়ে ধেমালিৰে অশ্লীল মেচেজ প্ৰেৰণ কৰা বুলি ভাবিছিল। কিন্তু মেচেজৰ সোঁত বন্ধ নহৈ বৰং অধিক গতিত আহিবলৈ ধৰাত মহিলা কৰ্মচাৰীগৰাকীয়ে অতিষ্ঠ হৈ বিষয়াগৰাকীক ইয়াৰ পোতক তোলে।

https://youtu.be/WtLyPq–0ts

অতিষ্ঠ মহিলা কৰ্মচাৰীগৰাকীয়ে মুৰব্বী বিষয়াগৰাকীৰ কোঠালৈ গৈ প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈ পিছত ৱাইপাৰেৰে বিষয়াগৰাকীৰ মূৰত প্ৰহাৰ কৰিবলৈ ধৰে।

এই সমগ্ৰ কাণ্ডটো ৰেৰ্কডিং হৈ আছিল আৰু ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৱাঙে ধেমালিৰে মহিলা কৰ্মচাৰীগৰাকীলৈ এনে মেচেজসমূহল প্ৰেৰণ কৰা বুলি সদৰী কৰিছে যদিও পূৰ্বতেও তেওঁ এনে কাম কৰাৰ অভিযোগ আছে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে চৰকাৰী কাৰ্যালয়টোৰ মুৰব্বী বিষয়া ৱাঙক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।