NORTHEAST NOW (Assamese)
অসম

ইলন মাস্কৰ প্ৰশংসা কৰি সমালোচনাৰ সন্মুখীন লেখিকা তছলিমা নাছৰিন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 26, 2022 4:44 pm
ইলন মাস্কৰ প্ৰশংসা কৰি সমালোচনাৰ সন্মুখীন লেখিকা তছলিমা নাছৰিন

মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ মালিক ইলন মাস্কক প্ৰশংসা কৰি এতিয়া সমালোচনাৰ সন্মুখীন হৈছে লেখিকা তছলিমা নাছৰিন। কৰ্মচাৰীক কামৰ পৰা খেদি দিয়াৰ বাবে মাস্কক বিশ্বজুৰি বহুতে সমালোচনা কৰিছে। এনে সমালোচনাাৰ মাজতে তছলিমা নাছৰিনে তেওঁক প্ৰশংসা কৰাত বহুতে এতিয়া জাঙুৰ খাই উঠিছে।

তছলিমাই তেওঁৰ টুইটাৰত মাস্কক তেওঁৰ বহুত ভাল লাগে বুলি কোৱাৰ পিছতে বহুতে লেখিকাগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

তছলিমাই পোষ্টত তেওঁ লিখিছিল, “মোৰ এলন মাস্কক বহুত ভাল লাগে। তেওঁৰ বিশাল ধনৰ বাবে নহয়। বৰঞ্চ, তেওঁৰ হাঁহিটো ইমান ধুনীয়া। ” লেখিকাগৰাকীৰ পোষ্টটোৱে নেট বিশ্বত খলকনি তুলিছে।

বহু নেটিজেনে তছলিমাৰ মতামতৰ সৈতে একমত হৈছে। মাস্কৰ হাঁহিটো সঁচাকৈয়ে ধুনীয়া। ইয়াৰ উপৰি বহুলোকে তেওঁক এনে ধৰণৰ পোষ্টৰ বাবে সমালোচনাও কৰিছে।এজনে লিখিছিল, “সেই হাঁহিটো কেৱল তেতিয়াহে ফুটি উঠে যেতিয়া বহুত টকা থাকে।” আন এজনে তছলিমাৰ পোষ্টকলৈ লিখিছে”সেই হাঁহি মাৰিয়েই তেওঁ বহু কৰ্মচাৰীক কামৰ পৰা খেদি দিছে সেয়া নিন্দনীয়।