NORTHEAST NOW (Assamese)
Popular Stories

অসহনীয় যন্ত্ৰণা! স্বামী ক’ভিডত মৃত্যু হোৱাৰ পাছতে আত্মহত্যা কৰিলে পত্নীয়ে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2021 2:27 pm

স্বামী ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ পাছত যন্ত্ৰণা সহিব নোৱাৰি আত্মহত্যা কৰিলে এগৰাকী মহিলাই।

মহাৰাষ্ট্ৰৰ নান্দেদ জিলাত বুধবাৰে ৰাতি সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।

বৃহস্পতিবাৰে আৰক্ষীৰ ভাষ্য অনুসৰি, ৩৩ বৰ্ষীয়া মহিলাগৰাকীয়ে লোহা নামৰ ঠাইখনৰ সোনেগাওঁ নামৰ এটা জলাশয়ত জঁপিয়াই নিজৰ জীৱন পৰিত্যাগ কৰে।

কেৱল মহিলাগৰাকীয়েই নহয়, তেওঁৰ তিনি বছৰীয়া পুত্ৰ সন্তানটোৱেও একে পথকে বাচি লয়।

সন্তানটোৱে মাকৰ পাছে পাছে জলাশয়টোলৈ যায় আৰু মাকক বিচাৰি তাত জপিয়াই দিয়ে।

আৰক্ষীয়ে কয় যে, মহিলাগৰাকীৰ স্বামী (৪০) আছিল এজন শ্ৰমিক।

তেওঁলোকৰ সংসাৰত আছিল তিনিটাকৈ সন্তান।

তেলেংগানাৰ বাসিন্দা শ্ৰমিকজনে মহাৰাষ্ট্ৰৰ লোহালৈ কামৰ সন্ধানত আহিছিল আৰু ক’ভিড-১৯ত আক্ৰান্ত হয়।

১৩ এপ্ৰিলত এখন চৰকাৰী চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

তাৰপাছতে তেওঁৰ পত্নীয়ে আত্মহত্যা কৰে।

একে পথকে বাচি লয় তেওঁলোকৰ এটা তিনি বছৰীয়া সন্তানেও।

ঘটনাটোৱে বহুতৰে চকু সেমেকাই তুলিছে।