NORTHEAST NOW (Assamese)
Popular Stories

ৰে’ল বিভাগৰ নিৰ্দেশ : মাস্ক নিপিন্ধিলে আৰু পিকালে যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা; কিন্তু কিমানকৈ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2021 4:52 pm
index.jpg

মাস্ক নিপিন্ধা ৰে’ল যাত্ৰীক এতিয়াৰে পৰা ৰে’ল কৰ্তৃপক্ষই জৰিমনা বিহিব।

ৰে’লৱে কৰ্তৃপক্ষই শনিবাৰে ঘোষণা কৰা অনুসৰি ৰে’লৱে আইনৰ অধীনত মাস্ক নিপিন্ধা যাত্ৰীয়ে পাঁচশ টকাকৈ জৰিমনা ভৰিব লাগিব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে কোভিড১৯ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ লোৱা পদক্ষেপ মানি চলিবলৈ ৰে’লৱে কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে।

ইফালে ভাৰতীয় ৰে’লৱে (ৰে’ল চৌহদত পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰভাৱিত কৰা কাৰ্যকলাপৰ বাবে জৰিমনা) নীতি, ২০১২ৰ অধীনত পিক পেলোৱা যাত্ৰীৰ বিৰুদ্ধেও অনুৰূপ নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাৎ তেনে যাত্ৰীক ৫০০ টকা জৰিমনা বিহিব ৰে’লৱে কৰ্তৃপক্ষই।

এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত অহা ছমাহলৈকে কাৰ্যকৰী হৈ থাকিব বুলি ৰে’লৱেই বিবৃতিৰ যোগে প্ৰকাশ কৰিছে।

উল্লেখ্য যে দেশত কোভিড সংক্ৰমণে ক্ৰমশঃ বৃদ্ধি পাইছে। কালিৰ দিনটোতে কেৱল ২,৩৪,৬৯২ জনলৈ কোভিড আক্ৰান্তৰ বৃদ্ধি পাইছে।