NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ বুথ সভাপতি সন্মিলনত আহি উপস্থিত হ’ল ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

Posted by: কল্পজ্যোতি শইকীয়া March 24, 2018 12:27 pm
IMG-20180324-WA0010

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বুথ সভাপতিসকলৰ সন্মিলনখন ইতিমধ্যে আৰম্ভ হৈছে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে পতাকা উত্তোলন কৰে আৰু তেওঁক সহযোগ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰামলালে।

গুৱাহাটীৰ সাংসদ তথা বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন কৰে।

আমোদজনকভাৱে, বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ৰামলালে প্ৰথমতে জোতা পৰিধান কৰিয়েই পতাকা উত্তোলনস্থলীত প্ৰৱেশ কৰে যদিও ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কোৱাৰ পিছত জোতাযোৰ খুলি লয়।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনায়।

ইতিমধ্যে ৰাষ্ট্ৰীয় সভাপতি আহি খানাপাৰাৰ সন্মিলনস্থলীত উপস্থিত হয় আৰু দলৰ বিষয়ববীয়াসকলে তেওঁক উষ্ম আদৰণি জনায়।

মঞ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছে আৰু কিছুসময় পিছতেই বুথ সভাপতিসকলক উদ্দেশ্যি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ভাষণ দিব।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই বুথ সভাপতি সন্মিলনতেই পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কৰ্মীসকলক উজ্জীৱিত কৰি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকে ধৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই ভাষণ ৰাখিব।