NORTHEAST NOW (Assamese)
Popular Stories

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2021 8:17 pm
index.jpgm

কৰোনাতংকৰ মাজত বিজেপিৰ নিৰ্বাচনী ৰোডশ্ব’ত অংশগ্ৰহণ কৰি থকা অৱস্থাতে হঠাতে অসুস্থ হৈ পৰিল বলিউদৰ জনপ্ৰিয় অভিনেতা তথা ন-বিজেপি নেতা মিঠুন চক্ৰৱৰ্তী।

দেওবাৰে ৰায়গঞ্জ বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত উলিওৱা ৰোডশ্ব’ত অংশগ্ৰহণ কৰি থকা অৱস্থাতে হঠাতে প্ৰবীণ অভিনেতাগৰাকী অসুস্থ হৈ পৰে।

অসুস্থ প্ৰবীণ অভিনেতাগৰাকীক ততাতৈয়াকৈ হেলিকপ্টাৰ যোগে কলকতাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অভিনেতাগৰাকী হঠাতে অসুস্থ হৈ পৰাত পশ্চিমবংগৰ সাধাৰণ জনতাৰ মাজত উদ্বিগ্নতাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে দুমাহমান পূৰ্বে বিজেপিত যোগদান কৰাৰ পিছৰে পৰা ন-বিজেপি মিঠুন চক্ৰৱৰ্তীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাসমূহত নিয়মিতভাৱে অংশগ্ৰহণ কৰি আহিছে।

দেওবাৰেও উত্তৰ দিনাজপুৰৰ ৰায়গঞ্জৰ চণ্ডীতলাৰ পৰা মিঠুন চক্ৰৱৰ্তীয়ে পাঁচ কিলোমিটাৰ ৰোডশ্ব’ কৰাৰ কথা আছিল। সেই উপলক্ষ্যে পূৰ্বৰে পৰা সমান্যভাৱে অসুস্থ হৈ থকা ন-বিজেপি নেতাগৰাকীয়ে নিৰ্দিষ্ট সময়ত গৈ তাত উপস্থিত হয়।

জানিব পৰা মতে দলীয় কৰ্মীৰ আব্দাৰৰ বাবে মিঠুন চক্ৰৱৰ্তীয়ে ৰোডশ্ব’ত অংশগ্ৰহণ কৰিবলৈ গৈছিল।

চণ্ডীতলাৰ পৰা ৰোডশ্ব’ আৰম্ভ হোৱাৰ পিছত প্ৰায় ২০০ মিটাৰ যোৱাৰ সময়তে ন-বিজেপি মিঠুন চক্ৰৱৰ্তী অসুস্থ হৈ পৰে।