NORTHEAST NOW (Assamese)
অসম

মহিলা বিশ্ববিদ্যালয় বন্ধৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত আছুৰ তীব্ৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ March 24, 2018 1:58 pm
new.jpg

ৰাজ্য চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে মাজুলীত শনিবাৰৰ পুৱা সদৌ অসম ছাত্ৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ধৰ্মঘটৰ সময়ছোৱাত কেইবাশতাধিক আছু নেতা-কৰ্মীয়ে মুখত ক’লা কাপোৰ বান্ধি মাজুলীৰ সদৰ গড়মূৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়খনত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণাংগ ৰূপ দিয়াৰ দাবী জনায় চৰকাৰক ৷

উল্লেখযোগ্য যে সদৌ যোৰহাট জিলা আছুৰ আহ্বানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলীতো মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক লোকে ৷

অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনত স্থায়ী উপাচার্য নিযুক্তি দিয়া, মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণ প্ৰক্ৰিয়া বন্ধ কৰা আদিকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মাজুলী প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আছুৱে।

প্ৰতিবাদী কাৰ্যসূচীত মাজুলী মহকুমা আছুৰ উপ-সভাপতি দীপক নেওগ, সভাপতি অজিত হাজৰিকা, সম্পাদক বিতোপন শৰ্মাৰ লগতে বহু নেতা-কৰ্মী উপস্থিত থাকে ৷

‘বেটী পঢ়াও বেটী বচাও’ শীৰ্ষক শ্ল’গান আওৰোৱা বিজেপি চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমবাসী।