NORTHEAST NOW (Assamese)
অসম

চুতীয়া জাতিক ঘোৰ অপমানৰ অভিযোগ : সতী সাধনীৰ ছবি সম্বলিত ফলক দলিয়ালে জিলা প্ৰশাসনে

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 21, 2021 1:02 pm
IMG_20210421_120120

আজি সাত বহাগ। অৰ্থাৎ আজিৰ দিনটোতেই পালন কৰা হ’য় চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনী দিৱস।

আজি এই বিশেষ দিনটোতেই পুনৰবাৰ উচ্ছেদ কৰা হ’ল গোলাঘাট জিলা চুতীয়া ছাত্ৰসন্থাৰ অৰ্ধনিৰ্মিত ঘৰটো।

সদৌ চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাৰ অভিযোগ অনুসৰি দলিয়াই দিয়া হ’ল সতী সাধনীৰ ছবি সম্বলিত ফলক। যিটো জাতিটোৰ বাবেই ঘোৰ অপমানসূচক এক গৰ্হিত কাৰ্য।

প্ৰসঙ্গক্ৰমে উল্লেখ্য যে, গোলাঘাট চহৰৰ ভিআইপি ৰোডৰ এডোখৰ ভূমিত চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয় নিমাৰ্ণৰ বাবে ভূমি  আবণ্টন বিচাৰি গোলাঘাট জিলা প্ৰশাসনৰ ওচৰত আবেদন জনোৱাৰ সমান্তৰাল ভাৱে উক্ত ভূমিত এটা ঘৰ নিৰ্মাণ কৰে যদিও আজি কিছু দিনৰ পূৰ্বে গোলাঘাট জিলা প্ৰশাসনে ঘৰটো ভাঙি পেলায়।

ইয়াৰ পাছতে চুতীয়া ছাত্ৰ সন্থাই ঘৰটো পুনৰ নিৰ্মাণ কৰে যদিও আজি সতী সাধনী দিৱসৰ দিনাৰ পুৱাই আহি জিলা প্ৰশাসনে পুনৰ ঘৰটো ভাঙি পেলোৱাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সভাপতি মহেন বৰাই ক্ষোভেৰে কয় যে এফালে চৰকাৰে সৰুপথাৰত সাধনী দিৱস পাতিছে আনফালে গোলাঘাটত সাধনীৰ চিত্ৰ সম্বলিত ফলক-দলিয়াই চুতীয়া জাতিটোক ঘোৰ অপমান কৰিছে।

তেওঁ আৰু কয় গোলাঘাট চহৰৰ বহু স্থানত বেদখল হৈ আছে। কিন্তু সেইবোৰ প্ৰশাসনে নেদেখাৰ ভাও ধৰি বাৰম্বাৰ চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়টো লক্ষ্য কৰি লৈছে। জিলা প্ৰশাসনৰ এনে কাৰ্য সহ্য কৰা নহ’ব বুলিও তেওঁ লগতে জিলা প্ৰশাসনক সৰ্তক কৰি দিয়ে।