NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাতংকৰ মাজতে কৃত্ৰিম মূল্যবৃদ্ধি: সষ্টম বৰপেটা জিলা প্ৰশাসন

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ April 22, 2021 4:00 pm
barp

ৰাজ্যখনত ক’ৰ’না পৰিস্থিতিৰ সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে অনৈতিকভাবে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম যাতে বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই যোগান বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিছে।

জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশত আজি খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া সকলে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰিছে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে যে, আজি বিভাগটোৰ বিষয়া সকলে  জিলাখনৰ বিশেষকৈ বৰপেটাৰোড আৰু বৰপেটা বজাৰত  পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠান সমূহত অভিযান চলাই মূল্য আৰু মজুত সামগ্ৰী সমূহ পৰীক্ষা কৰি উচিত মূল্যত সামগ্ৰী বিক্ৰী কৰিবলৈ ব্যৱসায়ী সকলক নিৰ্দেশ দিয়ে ।

ভাৰপ্ৰাপ্ত উপ সঞ্চালক মন্টু দাস, পৰিদৰ্শক ৰাজীৱ সিং, নিতুল শৰ্মা আৰু মনহৰি বায়নৰ নেতৃত্বত অহা বিভাগীয় দলটোৱে বৰপেটাৰোডত আৰু অধীক্ষক কৃষ্ণমণি দাস আৰু পৰিদৰ্শক আশীষ বৰঠাকুৰ, অজয় আগৰৱাল, উপ পৰিদৰ্শক অৰুন্ধতী দাসে বৰপেটাৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহ পৰিদৰ্শন কৰে।

তেওঁলোকে মজুত আৰু বিক্ৰী মূল্য ফলক আঁৰি থবলৈ ব্যৱসায়ী সকলক নিৰ্দেশ দিয়ে আৰু অতিৰিক্ত মূল্য আদায় কৰিলে শাস্তিৰ সন্মুখীন হব লাগিব বুলি সকীয়াই দিয়ে ।

ইফালে পৰিবহন বিভাগৰ বিষয়া সকলেও যাত্ৰীবাহী যান-বাহনৰ ওপৰত ব্যাপক তালাচী অভিযান চলোৱা দেখা গৈছে।

প্ৰতিখন যান বাহনে কোভিড নিয়ম মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।