NORTHEAST NOW (Assamese)
Popular Stories

হঠাৎ পাকিস্তানে হৃদয় জিনিলে কংগনা ৰানাৱটৰ! দেশখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল, কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2021 4:03 pm

হঠাৎ পাকিস্তানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কংগনা ৰানাৱট।

উল্লেখযোগ্য ভাৰতৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰদৰ্শন কৰিছে পাকিস্তানে।

এই লৈ টুইটাৰত #PakistanStandsWithIndia হেশ্বটেগেৰে এটি ট্ৰেণ্ডিঙো চলি আছে।

প্ৰায় ৫২,০০০টা টুইটত এই হেশ্বটেগ সংলগ্ন কৰা হৈছে।

এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলিউডৰ বহুবিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে।

এটা টুইটযোগে তেওঁ পাকিস্তানৰ এই পদক্ষেপক হৃদয়গ্ৰাহী বুলি অভিহিত কৰিছে।

লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভাৰতৰ বীৰ পুত্ৰ’ উপাধি প্ৰদান কৰি তেওঁ কয় যে ‘বীৰপুত্ৰ’ই দেশখনত সুন্দৰভাৱে ভেকচিন প্ৰদান কৰি আছে।