NORTHEAST NOW (Assamese)
অসম

লাখ-লাখ মানুহ লৈ ৰাজনৈতিক সভা পতাত ব্যস্ত থাকোতেই আহিছিল ভয়ংকৰ কোভিড বীজাণুৰ দ্বিতীয় লহৰ : প্ৰদ্যুত বৰদলৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 24, 2021 4:54 pm

ক’ৰ’নাসৃষ্ট পৰিৱেশৰ মাজতে শণিবাৰে এক ফেচবুক পোষ্টযোগে বহু কথাই ক’লে কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত কি বিজেপি, কি কংগ্ৰেছ বা কি আঞ্চলিক ৰাজনৈতিক দল। সকলোৱে কেৱল সভাই সমিতিয়ে মানুহ গোটোৱাৰ প্ৰতিযোগিতাত ব্যস্ত আছিল।

অথচ ২১ ৰ ফেব্ৰুৱাৰী মাহতে ডিব্ৰুগড়ৰ লাহোৱালস্থিত ICMR ত য়ু.কে ভেৰিয়েন্ট ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল যদিও সকলো গোপনে ৰখা হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল।

কিন্তু এতিয়া যেন হঠাৎ সচেতন হৈ পৰিছে কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈ।

এক ফেইচবুক পোষ্টত তেওঁ লিখি কয় ‘আমি যেতিয়া মন্দিৰ মছজিদ বুলি নিজৰ মাজতে তৰ্ক বিতৰ্ক কৰি আছিলো, আমি যেতিয়া নিজৰ মানুহকে মোগল সজাই আক্ৰমণ কৰাত ব্যস্ত হৈ আছিলো আৰু নিজৰ মানুহৰ মাজতে বিভাজন আনি কেৱল হিংসা, বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰি আছিলো।

Facebook Post

‘আমি যেতিয়া সকলো জানি বুজিও মানুহক ‘মাস্ক’ পিন্ধিব নালাগে বুলি কৈ কেৱল ‘ইলেকচন’ জিকিবৰ বাবেই লাখ লাখ মানুহ সমৱেত কৰি মিটিং কৰাত ব্যস্ত হৈ আছিলো, তেতিয়াই সন্তৰ্পণে আমাৰ মাজলৈ সোমাই আহিল সেই ভয়ঙ্কৰ ‘কোভিড’ বীজানুৰ দ্বিতীয়টো লহৰ।‘ বৰদলৈয়ে এইদৰে কয়।

ইপিনে, আমি যেতিয়া ‘কোভিড’ক নিৰ্মূল কৰাৰ বাবে দেশৰ বিজ্ঞানীৰ ওপৰতে ভৰসা কৰিব লাগিছিল, কোভিডৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিবৰ বাবে আৰু ১৩০ কোটি মানুহে পাব পৰাকৈ প্ৰতিষেধক পালি উৎপাদনৰ বাবে আমাৰ দেশৰ টকা বিনিয়োগ কৰিব লাগিছিল, তেতিয়া কিন্তু আমি ১০০০ কোটি টকা খৰচ কৰি শাসক দলৰ বাবে দিল্লীত এক পাহাৰসম মূখ্য কাৰ্যালয় নিৰ্মাণ কৰিলো বুলি তেওঁ কয়।

তেওঁ লগতে লিখি কয় ‘৩০০০ কোটি টকা খৰচ কৰিলো এজন প্ৰয়াত জননেতাৰ সৰ্বোচ্চ মূৰ্তি সজাৰ কামত, আৰু ২০,০০০ কোটি টকা খৰচ কৰি যেতিয়া দিল্লীৰ মাজমজিয়াত ‘চেন্ট্ৰেল ভিস্তা’ নিৰ্মাণ কৰি আছো, মাত্ৰ ৬০ কোটি টকা খৰচ কৰি ঠায়ে ঠায়ে একোটা ‘অক্সিজেন’ উৎপাদন কৰাৰ কাৰখানা নসজাৰ বাবেই আজি দেশত চাৰিওফালে হাঁহাকাৰ, লাখ হিচাবে ‘কোভিড’ আক্ৰান্ত মানুহ আজি মৰিবলৈ লৈছে ‘অক্সিজেনৰ’ অভাৱত ! সাধাৰণ মানুহ আজি বলি হৈছে আমাৰ দৰে ৰাজনীতিকৰ ‘misplaced priorities’ ৰ বাবে। ‘

পোষ্টটোৰ শেষত তেওঁ প্ৰশ্ন কৰি কয় ‘আমাৰ নতুন প্ৰজন্মই বাৰু আমাক ক্ষমা কৰিবনে ?’