NORTHEAST NOW (Assamese)
Popular Stories

কৰোণাই লগ নেৰা হ’ল কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক! দ্বিতীয়বাৰৰ বাবে হ’ল পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2021 5:59 pm

যোৱা বৰ্ষৰ দৰেই এইবাৰো কৰোণাত আক্ৰান্ত হ’ল বলিউডৰ গায়ক তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত টালিগঞ্জ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি থকা বাবুল সুপ্ৰিয়ই টুইটাৰযোগে এই কথা জনাইছে।

সুপ্ৰিয়ৰ উপৰিও তেওঁৰ পত্নীৰো ক’ভিড পজিটিভ পোৱা গৈছে বুলি তেওঁ প্ৰকাশ কৰিছে।

দেওবাৰে দিয়া টুইটটোত তেওঁ লিখিছে কৰোণাত আক্ৰান্ত হোৱা বাবে তেওঁ নিজা বাসস্থান আছালছোলত ভোট দিবলৈ যাব নোৱাৰি।

তেওঁ লিখে যে ২৫ এপ্ৰিলত আছানছোলত গৈ ভোটদানপ্ৰক্ৰিয়া পৰিদৰ্শন কৰাৰ প্ৰয়োজন আছিল, কিয়নো তৃণমূলৰ গুন্দাবিলাকে স্বচ্ছভাৱে ভোটগ্ৰহণ হবলৈ দিবলৈ নিদিব।

তেওঁ কয় যে তৃণমূলৰ সন্ত্ৰাসক তেওঁ ২০১৪ চনৰ পৰাই চম্ভালি আছে, এইবাৰ ঘৰত বহিয়েই নিজৰ কৰ্তব্য পালন কৰি যাব।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ আগষ্টতো তেওঁ কৰোণাত আক্ৰান্ত হৈছিল আৰু আইচলেচনত থকাৰ সময়ছোৱাতে আৰোগ্য লাভ কৰিছিল।