NORTHEAST NOW (Assamese)
অসম

শাৰীৰিক দূৰত্ব বজাই নাৰাখিলে এজনৰ পৰা ৪০৬জনলৈ সংক্ৰমিত হ’ব পাৰে কৰ’না!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2021 10:52 am
Corona-750x375

শাৰীৰিক দূৰত্ব বজাই নাৰাখিলে এজন কৰ’না আক্ৰান্ত ৰোগীৰ পৰা ৪০৬জনলৈ সংক্ৰমিত হ’ব পাৰে কৰ’না। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাবী কৰিছে এইকথা।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লভ আগৰৱালাই কয় যে শাৰিৰীক দূৰত্ব বজাই নাৰাখিলে এজন কৰ’না আক্ৰান্ত লোকে ৩০ দিনৰ ভিতৰত ৪০৬লোকক কৰ’না সংক্ৰমিত কৰিব পাৰে।

জানিবলৈ দিয়া মতে এক গৱেষণাত এই তথ্য পোৱা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে লগতে জানিবলৈ দিছে যে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, কেৰালা, কৰ্ণাটক, গুজৰাট, ছত্তীশগড় আৰু তামিলনাডুত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা এক লাখ অতিক্ৰম কৰিছে।

সোমবাৰে বিয়লি নীতি আয়োগৰ সদস্য ডঃ ভি কে পালে সাংবাদিকৰ আগত কয়,’’এই কৰ’না পৰিস্থিতিত অনুগ্ৰহ কৰি অকাৰণে গৰৰ পৰা বাহিৰলৈ নোলাব। পৰিয়ালৰ ভিতৰতো মাস্ক পৰিধান কৰি থাকক। মাস্ক পৰিধান কৰাটো অতি গুৰুত্বপূৰ্ণ। নিজৰ ঘৰলৈ আন কাকোকে আমন্ত্ৰণ নজনাব।‘’

সোমবাৰে দৈনিক সংক্ৰমণৰ সংখ্যা চাৰে তিনিলাখ অতিক্ৰম কৰিছে। সেইদৰে মৃত্যুৰ সংখ্যাও প্ৰায় তিনিহাজাৰৰ কাষ চাপিছে।

ইপিনে, দেশখনত যোৱা ১০০ দিনত মুঠ ১৪কোটি ১৯ লাখ ১১হাজাৰ ২২৩জনকহে কৰ’নাৰ ভেকচিন দিয়া সম্ভৱ হৈছে।

ইয়াৰ মাজতে এনে কোভিড পৰিস্থিতি মোকাবিলাৰ বাবে ডিচিজিআইয়ে নতুন বেকচিন ভিআইএনচিওভি-১৯ৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে।