NORTHEAST NOW (Assamese)
অসম

চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ গৈ আৰক্ষীয়ে চলাইছিল তালাচী; গোলাঘাটত ড্ৰাগছ সহ গ্ৰেপ্তাৰ ৫ ব্যৱসায়ী

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 27, 2021 1:10 pm
IMG_20210427_124240

গোলাঘাটত কেচু খান্দোতে ওলাল সাপ। চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ গৈ আৰক্ষীয়ে গোলাঘাটৰ শান্তিপুৰত গ্ৰেপ্তাৰ কৰিলে ৫ জনকৈ ড্ৰাগছ ব্যৱসায়ীক।

কিছুদিন পূৰ্বে গোলাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া জ’জ গ্ৰেপ্তাৰ হোৱাৰ পিছতে আজি পুনৰ গ্ৰেপ্তাৰ হ’ল ড্ৰাগছ সহ পাচঁ জন যুৱক।

গোলাঘাট আৰক্ষীয়ে গোলাঘাট নগৰৰ শান্তিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে  ড্ৰাগছ ব্যৱসায়ী ৰাজা খান, আমিৰ খান, চাকিব হক, নাজিম আলি আৰু পিন্টু শ্বাহক।

দীৰ্ঘদিন দিনৰ পৰা গোলাঘাট শান্তিপুৰত মুল অভিযুক্ত ৰাজা খানৰ নেতৃত্বত  নিষিদ্ধ ড্ৰাগছ ৰমৰমীয়া ব্যৱসায় চলি আহিছিল।

সোমবাৰে গোলাঘাট আৰক্ষীয়ে এক চুৰি কাণ্ডৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল চাকিব হকক।

চাকিব হকক গ্ৰেপ্তাৰ কৰি চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ গোলাঘাট শান্তিপুৰৰ আমিৰ খানৰ বাসগৃহত তালাচী চলাওতে ড্ৰাগছ সহ যুৱক কেইজনক গ্ৰেপ্তাৰ  কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী।

ড্ৰাগছ ব্যৱসায়ী কেইজনৰ পৰা ১.৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।