NORTHEAST NOW (Assamese)
অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ সাৱ্যস্ত

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা April 27, 2021 12:43 pm
WhatsApp Image 2021-04-27 at 11.59.08 AM

আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

ইয়াৰ সমান্তৰালকৈ আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাইয়ো এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

জজ খেলপথাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ প্ৰতিবাদকাৰীসকলে।

হাতে হাতে প্লে কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে প্ৰতিবাদকাৰীসকলে।

“কোভিড ভয়াবহ কিন্তু মূল্যবৃদ্ধি যন্ত্ৰণা”, “ক’লা বেপাৰী হুচিয়াৰ” ইত্যাদি প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰে আছুৰ প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলৰ দাবী “অতি শীঘ্ৰে চৰকাৰে টাস্ক ফৰ্চ গঠন কৰি মূল্যবৃদ্ধি ৰোধ কৰিব লাগে আৰু লগতে কোভিডৰ অচিলা লৈ মূল্যবৃদ্ধি কৰা অসাধু ব্যৱসায়ীসকলক নাকী লগাব লাগে।”

সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নোহোৱা পৰ্য্যন্ত ধাৰাবাহিক প্ৰতিবাদ কৰি যাব বুলিও আছুৱে হুংকাৰ দিয়ে।

সকলোৱে কোভিড প্ৰট’কল মানি, মুখত মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি প্ৰতিবাদ সাব্যস্ত কৰে।