NORTHEAST NOW (Assamese)
অসম

পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ শক্তি বিভাগৰ

Posted by: এন ই নাও নিউজ February 18, 2018 7:25 am
wideSample

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল) বিগত দুটা বিত্তীয় বৰ্ষত ২৮৬কোটি টকাৰ লোকচান দেখুৱাই বিদ্যুৎ মাচুল বৃদ্ধিৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰি বিদ্যুৎ নিয়ামক আয়োগক প্ৰস্তাৱ দিছে। শনিবাৰে বিদ্যুৎ নিয়ামক আয়োগে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়টোত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে।

এ পি ডি চি এলে যোৱা ২০১৭ৰ ২০ ডিচেম্বৰত ঘৰুৱা বিদ্যুৎ সংযোগত ২০ পইচা আৰু ব্যৱসায়িক সংযোগত ৪০ পইচা বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছিল। উক্ত প্ৰস্তাৱটো চালিজাৰি চোৱাৰ বাবে বিদ্যুৎ নিয়ামক আয়োগে শনিবাৰে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰে।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শুনানিত এৰিডা, নেচিয়া, বিদ্যুৎ গ্ৰাহক মঞ্চকে ধৰি মাত্ৰ পাঁচটা সংগঠন আৰু এগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এতিয়া বিদ্যুৎ মাচুল কিমান বৃদ্ধি কৰিব সেয়া আয়োগে শুনানিৰ পিছত সিদ্ধান্ত ল’ব।

জানিব পৰা মতে পূৰ্বতে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদ কৰি আয়োগক অভিযোগ দিয়া তথা প্ৰতিবাদ কৰা কোনো দল-সংগঠন ৰাজহুৱা শুনানিত উপস্থিত নাছিল।আনহাতে, শুনানিত উপস্থিত থকা সকলো সংগঠনে মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি শক্তি বিভাগক লোকচানৰ কাৰণ পুনৰীক্ষণৰ বাবে আহ্বান জনায়।

বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ তথা প্ৰাক্তন আই এ এছ বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত শুনানিত অংশগ্ৰহণ কৰা ভাৰতীয় চাহ সংস্থাৰ অসম শাখাই আয়োগক শক্তি বিভাগৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিবলৈ আহ্বান জনায়।

ফাইনাৰে ৰাজ্যখনৰ চুবুৰীয়া ৰাজ্যসমূহৰ তুলনাত অসমত বিদ্যুৎ মাচুল যথেষ্ট বৃদ্ধি হোৱা বুলি সদৰি কৰি বিনিয়োগৰ ক্ষেত্ৰত ই প্ৰভাৱ পেলাব বুলি কৈ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে।