NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ কাৱৈমাৰীত অচিনাকী দুস্কৃতিকাৰীৰ গুলিত এজন ব্যৱসায়ী নিহত

Posted by: বিদ্যুৎ জ্যোতি বৰা Updated by: বিদ্যুৎ জ্যোতি বৰা April 28, 2021 3:54 pm
Chamguri

কোভিড আতংকৰ মাজতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ কাৱৈমাৰীত অচিনাকী দুস্কৃতিকাৰীৰ গুলীত নিহত হৈছে এগৰাকী নিষ্ঠাবান বিজেপিৰ তৃণমূল কৰ্মী তথা ব্যৱসায়ী।

কাৱৈমাৰী আৰক্ষী চকীৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত্বত যোৱা নিশা প্ৰায় ৯ মান বজাত সংঘটিত হোৱা হত্যাকাণ্ডটোত মৃত্যু হৈছে ৰহিম উদ্দিন (৫১) নামৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী।

জানিব পৰা মতে কালিৰ পৰা সান্ধ্য আইন চলি থকাৰ সময়তে ৰমজান মাহৰ নামাজ মজিদত পঢ়ি ঘৰলৈ ওভতাৰ সময়তে বাইকত অহা দুই অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই আহত কৰাৰ লগতে দুই দুৰ্বৃত্তই পলাই যাবলৈ সক্ষম হয়।

পিছত স্থানীয় লোকে কাৱৈমাৰী চিকিৎসালয়ত ভৰ্তি কৰে যদিও ৰহিম উদ্দিনক উন্নত চিকিৎসাৰ বাবে নগাঁও লৈ চিকিৎসকে প্ৰেৰণ কৰাত নগাঁও লৈ নি থকা অৱস্থাতে ৰহিম উদ্দিনৰ মৃত্যু ঘটে।

উল্লেখ্য যে কোভিড পৰিস্থিতিত কালি নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি থকাৰ সময়ত কেনেকৈ হত্যাকাণ্ড সংঘটিত হ’বলৈ পালে ই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চামগুৰি বাসীৰ মাজত।

পৰবৰ্তী সময়ত আৰক্ষীই তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।