NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানৰ পিছত এইবাৰ সংকট ঘনীভূত পঞ্জাৱ কংগ্ৰেছত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 13, 2020 4:25 pm
amrinder-1200

ৰাজস্থানত বিসম্বাদে জুৰুলা কৰা কংগ্ৰেছলৈ শেহতীয়াকৈ সামান্য সুস্থিৰতা আহিছে যদিও দেশৰ আন এখন ৰাজ্য পঞ্জাৱত কংগ্ৰেছৰ ভিতৰ চ’ৰাত চলি থকা ৰাজনৈতিক অৰিয়া-অৰিয়ে ক্ৰমাৎ জটিল ৰুপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

কোন মূহুৰ্তত পঞ্জাৱ কংগ্ৰেছত বিসম্বাদীয়ে মহা বিস্ফোৰণ ঘটায় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে এতিয়া মুকলি কৈয়ে বিষোদগাৰ প্ৰকাশ কৰিবলৈ লৈছে ৰাজ্য খনৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যোৱা সাংসদ প্ৰকাশ সিং বাজোৱাই।

বিশেষকৈ পঞ্জাৱত শেহতীয়াকৈ সংঘটিত বিষাক্ত মদ কাণ্ডৰ পিছৰে পৰা মুখ্যমন্ত্ৰী সিঙৰ সৈতে প্ৰকাশ সিং বাজোৱাৰ সম্পৰ্ক অতি তিক্ত হৈ পৰিছে।

মদ কাণ্ডৰ বাবে সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীকে দায়ী কৰাত মুখ্যমন্ত্ৰী সিঙৰ সৈতে সাংসদ বাজোৱাৰ সম্পৰ্কত ফাঁট মেলিছে। মুখ্যমন্ত্ৰী সিঙে ইতিমধ্যে বজোৱাৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে।

সাংসদ বাজোৱাৰ সৈতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ সূত্ৰেই সাংসদ বাজোৱাই এতিয়া ৰাজ্য খনৰ যুৱ বিধায়ক তথা মন্ত্ৰী সকলক নিজৰ পক্ষলৈ অনাত এক প্ৰকাৰ সমৰ্থ হৈছে।

ইতিমধ্যে বাজোৱাৰ লগ লাগিছে আন এগৰাকী কংগ্ৰেছ নেতা ছমচেৰ সিং ডুল্ল’।

দুয়োগৰাকী নেতাই এতিয়া মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিদ্ৰোহ।

এই বিদ্ৰোহেই পঞ্জাৱক ৰাজস্থানৰ দৰে পৰিস্থিতিৰ মুখলৈ ঠেলি দিয়াৰ পূৰ্ণ সম্ভাৱনা থকা বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে ক’বলৈ আৰম্ভ কৰিছে।