NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ আন এগৰাকী কণ্ঠশিল্পীৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু : জিএনআৰচিত হৈ আছিল চিকিৎসাধীন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 1, 2021 11:08 am
Parbin Pori

জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ পিছতে ৰাজ্যৰ আন এগৰাকী কণ্ঠশিল্পীৰ কোভিডত আক্ৰান্ত হৈ আজি মৃত্যু হৈছে।

নৱ প্ৰজন্মৰ প্ৰতিভশালী কণ্ঠশিল্পী পাৰবিন পৰীয়ে গুৱাহাটীৰ জিএনআৰচিত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু সাৱটি লৈছে।

জানিব পৰা মতে ৰোজা ৰাখি গীত পৰিবেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰিছিল পাৰবিন।

হৃদৰোগত হৈ আক্ৰান্ত থকা কণ্ঠশিল্পীগৰাকী কোভিডত আক্ৰান্ত হোৱা বুলিও জানিব পৰা গৈছে।

স্মৰ্তব্য যে দুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈ কণ্ঠশিল্পী পাৰবিন পৰীৰ পিতৃৰো মৃত্যু হৈছিল।

কোভিডত আক্ৰান্ত হৈ বহুকেইগৰাকী শিল্পী তথা সাংবাদিকে মৃত্যুক আঁকোৱালি লোৱা বিষয়টোৱে সকলো মহলতে শোকৰ ছাঁ পেলাইছে।

কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ।

শনিবাৰে পুৱতি নিশাই তেওঁ মৃত্যুক আঁকোৱালি লোৱা বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত তেওঁৰ অনুৰাগীসকল শোকত ভাগি পৰিছে।