NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত পোৱা গৈছে প্ৰাকৃতিক গেছ; নিশ্চিত কৰিলে জিলা দণ্ডাধীশ আৰু অ’ এন জি চিয়ে

Posted by: এন ই নাও নিউজ March 25, 2018 2:49 pm

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তুলাচিকাৰ খণ্ডৰ অধীনৰ লবন চাৰাত আৱিস্কাৰ হৈছে প্ৰাকৃতিক গেছ।

গাওঁখনৰ দাঁতিকাষৰীয়া এলেকাত খৰি লুৰিবলৈ যোৱা গঞা এজনে যোৱা শুকুৰবাৰে শিল এটাৰ তলত পানীত বুৰবুৰণি দেখা পায়। তেওঁ লগে লগে গাঁৱৰ লোকসকলক জনোৱাত তেওঁলোকে স্থানীয় কৰ্তৃপক্ষক বিষয়তো অৱগত কৰে।

জিলা দণ্ডাধীশ সন্দীপ মাহাত্মে আৰু অ’ এন জি চিৰ বিষয়াসকলে শনিবাৰে ঠাইডোখৰ পৰিদৰ্শন কৰি বহুঘণ্টা নিৰীক্ষণৰ অন্তত প্ৰাকৃতিক গেছৰ কথা নিশ্চিত কৰে।

জিলা দণ্ডাধীশ সন্দীপ মাহাত্মেই কয়, ‘হয়, ঠাইডোখৰত প্ৰাকৃতিক গেছ পোৱা গৈছে। আৰু এইটো ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই এটা ডাঙৰ খবৰ।’