NORTHEAST NOW (Assamese)
অসম

উত্তৰ অভয়াপুৰীত বিপুল ভোটত জয়ী আব্দুল বাতিন খন্দকাৰঃ গৰাখহনীয়া, ৰাস্তা-ঘাট, শিক্ষা, নিবনুৱা সমস্যা সমাধানৰ অংগীকাৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী May 3, 2021 10:35 am
abdul

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ২ মে’ তাৰিখে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ই ভি এমত বন্দী হৈ থকা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলোৰ ভাগ্যফল।

ৰাজ্যৰ বিভিন্ন সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থকৰ মূখত বিজয়ৰ হাঁহি।

ঠিক একেদৰে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত ৫ বছৰৰ বাবে অন্তিম হাঁহি মাৰিলে অভিযন্তা আব্দুল বাতিন খন্দকাৰে ।

সমষ্টিটোত মুঠ ৭ গৰাকী প্ৰাৰ্থীয়ে বিভিন্ন দলৰ পৰা লগতে নিৰ্দলীয় ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। তাৰ ভিতৰতে আব্দুল বাতিন খন্দকাৰে সৰ্বাধিক ভোট পাই জয়ী হয়।

খন্দকাৰে মুঠা ভোট পায় ৯২৬৯৮ টা আৰু

খন্দকাৰৰ নিচেই ওচৰৰ প্ৰতিদ্বন্দি তথা এইখন সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হোৱা ভূপেন ৰায় মুঠ ভোট পায় ৫৯৫৯১ টা ।ৰায়ে মুঠ ৩৩১৭১ টা ভোটত পৰাজয় বৰণ কৰে।

ইফালে আন আন প্ৰতিদন্দি সকল বৃহৎ সংখ্যক ভোটত পৰাজিত হয়। খন্দকাৰৰ লগত হোৱা আমাৰ এক সাক্ষাৎকাৰত প্ৰশ্নৰ উত্তৰত কয় যে সমষ্টিৰ মূল সমস্যা গৰাখহনীয়া, ৰাস্তা ঘাট, গুণগত শিক্ষা আৰু নিৱনুৱা সমস্যাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰা হব আৰু এই সমস্যাৰ বোৰ সদনৰ ভিতৰে বাহিৰে বলিষ্ঠ কণ্ঠৰে চৰকাৰৰ দৃষ্টি গোচৰ হোৱাকৈ উত্থাপন কৰাই হ’ব মোৰ মূল কাম।