NORTHEAST NOW (Assamese)
দেশ

প্ৰথমে ধৰ্ষণ, তাৰ পিছতে আন পুৰুষৰ সৈতেও যৌন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কিশোৰীক: মাতৃ-পুত্ৰৰ সন্ধানত আৰক্ষী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2022 9:12 pm
Teen Raped

দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ তথা ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনা। ক্ৰমবৰ্ধমান এনে ঘটনাৰ মাজতে মধ্য প্ৰদেশৰ এক ঘৃণনীয় যৌন নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজ্যখনৰ ভূপালত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ লগতে আন পুৰুষৰ সৈতেও যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ২২ বছৰীয়া যুৱক আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে।

প্ৰকাশিত খবৰ অনুসৰি, এটা অনুষ্ঠান ব্যৱস্থাপনা প্ৰতিষ্ঠানত কৰ্মৰত নাগপুৰৰ জৰিপটকাৰ কিশোৰীগৰাকী বিশেষ কাৰণত যোৱা মে’ মাহত ভূপাললৈ গৈছিল।

ভূপালতে কিশোৰীগৰাকী অভিযুক্ত অভিষেক কুৰিলৰ সৈতে চিনাক্ত হৈছিল। যুৱকজনে পিছত প্ৰেমৰ সম্পৰ্ক গঢ়াৰ প্ৰতিশ্ৰুতি দি কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি শেহতীয়াকৈ অভিযোগ তুলিছে কিশোৰীগৰাকীয়ে।

লগতে অভিযুক্ত যুৱকজনৰ মাতৃৰ বিৰুদ্ধেও আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীয়ে। অভিযোগ অনুসৰি যুৱকজনৰ সৈতে থকা সম্পৰ্কক ব্যৱহাৰ কৰি মাতৃ-পুত্ৰই কিশোৰীগৰাকীক আন পুৰুষৰ সৈতেও শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ বাধ্য কৰিছিল।

কিশোৰীগৰাকীৰ ম’বাইল চুৰি কৰি মোবাইলত থকা অশ্লীল ফটো দুয়োগৰাকীয়ে ছচিয়েল মিডিয়াত আপলোড কৰিছে বুলিও কিশোৰীগৰাকীয়ে আন এক অভিযোগ কৰিছে।

এই অভিযোগৰ ভিত্তিত অভিযুক্ত মাতৃ-পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণ, অপৰাধমূলক ভাবুকি আৰু অন্যান্য অপৰাধৰ বাবে প্ৰাসঙ্গিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

অভিযুক্ত মাতৃ-পুত্ৰৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে আৰু শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব বুলি বিষয়াগৰাকীয়ে লগতে কয়।