NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতক যুদ্ধকালীন ক্ষিপ্ৰতাৰে চিকিৎসালয় নিৰ্মাণৰ বাবে আহ্বান জনালে মাৰ্কিন চিকিৎসা বিশেষজ্ঞই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2021 6:10 pm

ক’ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতত কেইসপ্তাহমানৰ বাবে লকডাউন বলৱৎ হোৱা উচিত।

এই মন্তব্য প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন প্ৰশাসনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা তথা মহামাৰি বিশেষজ্ঞ এণ্টনি ফৌচিয়ে (Anthony Fauci)।

শুকুৰবাৰে তেওঁ কয় যে লকডাউন বলৱৎ নকৰিলে বৃহৎ ক্ষতিৰ সমুখিন হ’ব ভাৰত।

ভাৰতৰ ক’ভিড সংক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিডেন প্ৰশাসনে।

বিডেন প্ৰশাসনে কয় যে সংক্ৰমণৰ দ্বিতীয় ঢৌ এতিয়াও ভাৰতত শীৰ্ষ বিন্দুত উপনীত হোৱা নাই।

শীৰ্ষ বিন্দুত উপনীত হ’লে আৰু ভয়াৱহ অৱস্থাৰ সম্মুখিন হ’ব দেশখন।

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ক’ভিডৰ দ্বিতীয় ঢৌৰ পূৰ্বে ভাৰত চৰকাৰে কৰোণাভাইৰাচৰ বিৰুদ্ধে যুঁজত জয়ী হোৱা বুলি ঘোষণা কৰা কাৰ্যক সমালোচনা কৰিছে।

তেওঁ কয় যে ইয়াৰ দ্বাৰা ভাৰত চৰকাৰৰ অপৰিপক্কতাক সূচায়।

তদুপৰি ক’ভিড পৰিস্থিতিক এখন যুদ্ধৰ স’তে তুলনা কৰি ইয়াৰ স’তে মোকাবিলা কৰিবলৈ ভাৰতত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসালয় স্থাপনৰো পৰামৰ্শ দিয়ে মহামাৰি বিশেষজ্ঞজনে।

ভাৰতৰ মোদী চৰকাৰক যুদ্ধকালীন ক্ষিপ্ৰতাৰে চিকিৎসালয় নিৰ্মাণৰ আহ্বান কৰে তেওঁ।

এইক্ষেত্ৰত তেওঁ যোৱা বৰ্ষত ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে চীনে লোৱা ব্যৱস্থা সম্পৰ্কে উদাহৰণ দাঙি ধৰে।

তেওঁ কয় যে ভাৰতেও চীনৰ দৰে ব্যৱস্থা লোৱা উচিত।