NORTHEAST NOW (Assamese)
Popular Stories

কৰোণা সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে সম্পূৰ্ণ লকডাউন : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 3:08 pm

কৰোণা সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ উপায় হৈছে সম্পূৰ্ণ লকডাউন।

এই ভাষ্য প্ৰদান কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

মঙলবাৰে এটা টুইটযোগে তেওঁ কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কয় যে চৰকাৰে বুজি পোৱা নাই যে চৰকাৰৰ নিষ্ক্ৰিয়তাই অসংখ্য নিৰীহ লোকক হত্যা কৰিছে।

তেওঁ কয় যে নূন্যতম আয় যোজনাক (NYAY) সুৰক্ষা কৰি লকডাউন বলৱৎ কৰাই হৈছে কৰোণা সংক্ৰমণ ৰোধ কৰাৰ একমাত্ৰ উপায়।