NORTHEAST NOW (Assamese)
অসম

কৰ’না পৰিস্থিতিৰ মাজতে কৰ্মহীনতাৰ ভয়ংকৰ ছবি; এপ্ৰিলত কাম হেৰুৱাইছে ৭৫লাখ ভাৰতীয়ই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 3:54 pm
unemployment in covid in India

অসুস্থ দেশ। ইয়াৰ মাজতে জীৱন আৰু জীৱিকালৈ নামি আহিছে ভয়ংকৰ বিপদ। চেন্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি-ৰ প্ৰতিবেদন অনুসৰি যোৱা মাৰ্চৰ তুলনাত দেশত মুঠ বেতনভোগী কৰ্মচাৰীৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে।

এপ্ৰিল মাহত কোভিড-১৯ৰ বাবে ৭৫লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে।

জানুৱাৰী মাহৰ পৰাই ক্ৰমে হ্ৰাস পাইছে এই গ্ৰাফ। ইয়াৰ বিপৰীতে কৰ’নাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে। স্বাভাৱিকতে কৰ’নাৰ সংহাৰৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ বাবে কৰ্মৰ সুযোগো হ্ৰাস পাইছে।

বিশেষজ্ঞসকলৰ মতে যোৱা বছৰৰ শেহৰ পিনে কৰ’না অলপ স্তিমিত হৈছিল। লাহে লাহে ব্যৱসায় বাণিজ্যকে ধৰি কল-কাৰখানাসমূহ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰিছিল। দীঘলীয়া লকডাউনৰ শংকা দূৰ কৰি স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছিল কৰ্মসংস্থাপনৰ বজাৰখন।

কিন্তু নতুন বছৰ আৰম্ভ হোৱাৰ দুমাহ পাছতেই কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিলে। আৰম্ভ হ’ল পুনৰ কৰ্মহীনতাৰ নতুন জোকাৰণি। দেশৰ বিভিন্ন প্ৰান্তত আংশিক বা সম্পূৰ্ণ লকডাউনৰ বাবে কামৰ পৰা অব্যাহতি দিয়া বহুতেই ঘৰলৈ উভতিবলগীয়া হৈছে।

কৰ’না পৰিস্থিতিৰ মাজত নতুনকৈ চাকৰি লাভ নকৰা নিবনুৱাৰ সংখ্যাও বহু বৃদ্ধি পাইছে।

যোৱা মাৰ্চত কৰ্মসংস্থাপনৰ হাৰ আছিল ৩৭.৫৬শতাংশ। এপ্ৰিলত সেয়া ৩৬.৭৯শতাংশলৈ হ্ৰাস পাইছে। বিগত চাৰিমাহত এয়াই সৰ্বনিম্ন।

বিগত চাৰি মাহৰ ভিতৰত কৰ্মহীনতা আটাইতকৈ বেছি হৈছে এপ্ৰিল মাহত। বিশেষজ্ঞ অৰ্থনীতিবিদসকলে ইয়াকে লৈ গভীৰ চিন্তা ব্যক্ত কৰিছে।