NORTHEAST NOW (Assamese)
অসম

কোম্পানীৰ অধীনস্থ চাহ বাগিচাত কোভিড সতৰ্কতা অৱলম্বন কৰক : উপায়ুক্তলৈ স্মাৰক পত্ৰ সমাজকৰ্মীৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক May 10, 2021 2:36 pm
Teok

বৰ্তমান কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ চেলংহাট হেল্থ ক্লাৱৰ হৈ সমাজকৰ্মী তুষাৰ পালে যোৰহাট জিলাৰ বৃহত্তৰ কোম্পানী অধ্যুষিত চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ যোৰহাট জিলা উপায়ুক্তলৈ আজি টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কোম্পানীৰ অধীনস্থ বাগিচাসমূহত কোনো সামাজিক দূৰত্ব নমনা, চৰকাৰী নিৰ্দেশনা অৱমাননা কৰি ২ বজাৰ পাছতো শ্ৰমিকক কামত নিয়োজিত কৰা আদি কৰি কোনোধৰণৰ সতৰ্কতা অৱলম্বনৰ ক্ষেত্ৰত কোম্পানীসমূহে চৰকাৰক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই।

লগতে ভেকচিন প্ৰদানৰ ক্ষেত্ৰতো নিদিৰ্ষ্ট নিৰ্দেশনা নথকাৰ সুযোগ লৈ একাংশ শ্ৰমিক কৰ্মচাৰীক ভেকচিন প্ৰদানত ব্যাঘাতৰ সৃষ্টি হৈছে যি অনাগত দিনত বাগিচা অঞ্চলসমূহত কোভিডৰ গণ সংক্ৰমণৰ তীব্ৰ সম্ভাৱনা জগাই তুলিব বুলি আশংকা প্ৰকাশ কৰিছে।

সেয়ে উপায়ুক্তই চৰকাৰী কোভিড সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা কোম্পানীসমূহক অৱলম্বন কৰিবলৈ বাধ্য কৰাই বিশেষকৈ সহজ সৰল শ্ৰমিকসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনায়।