NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক! ফুলশয্যা নিশা নহয়, বিয়াৰ পাছতে কইনাৰ শেষকৃত্য সম্পন্ন কৰিবলগা হ’ল দৰাই, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2021 3:23 pm

ফুলশয্যা নিশাৰ সলনি কিছু সময়ৰ পূৰ্বে বিয়া কৰাই অনা কইনাৰ শেষকৃত্য সম্পন্ন কৰিবলগা হ’ল দৰাই।

বিহাৰৰ মুংগেৰ জিলাৰ খুদিয়া গাঁৱত সোমবাৰে সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

বিয়াৰ ৬ ঘণ্টাৰ পাছতে নিশা কুমাৰী নামৰ কইনাজনীৰ মৃত্যু হয়।

৮ মে’ তাৰিখে খুদিয়া গাঁৱৰ বাসিন্দা ৰঞ্জন যাদৱৰ জী নিশা কুমাীৰ বিয়া হয় মহাকোলা নামৰ গাঁওখনৰ বাসিন্দা সুৰেশ যাদৱৰ পুত্ৰ ৰবীশৰ স’তে।

ঠিক সময়তে বৰযাত্ৰী আহি পায় আৰু ক’ভিড বিধি মানি চলি বিবাহানুষ্ঠানো সুন্দৰভাৱেই সম্পন্ন হৈ যায়।

বিয়াৰ পাছতে হঠাৎ কইনা নিশা কুমাৰী অসুস্থ হৈ পৰে।

পৰিয়ালৰ লোকসকলে নিশাক ততাতৈয়াকে কাষৰে তাৰাপুৰৰ  এটা কমিউনিটি চেণ্টাৰত ভৰ্তি কৰায়।

অৱস্থাৰ অৱনতি ঘটাত চিকিৎসকসকলে নিশাক ভাগলপুৰলৈ পঠায়।

তাতে তাই শেষ নিশ্বাস ত্যাগ কৰে।

সমগ্ৰ ঘটনাটোৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।