NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাই কাঢ়ি নিলে ৰাজ্যৰ আন এগৰাকী সংবাদিকৰ প্ৰাণ, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2021 3:02 pm
Sivsaran Kalita(1)

কাল ক’ৰ’নাই কাঢ়ি নিলে ৰাজ্যৰ আন এগৰাকী সাংবাদিকৰ প্ৰাণ।

কিছুদিন পূৰ্বে বৰপেটাৰ এগৰাকী সাংবাদিকে ক’ৰ’নাত মৃত্যুক সাৱটি লোৱাৰ সময়তে আজি পুনৰ আন এগৰাকী সাংবাদিকৰ মৃত্যু ঘটে।

ক’ৰ’নাই প্ৰাণ কাঢ়ি নিয়া সাংবাদিকগৰাকী হৈছে ছয়গাওঁৰ  শিৱচৰন কলিতা।

শুকুৰবাৰে পুৱা ৭.৪০ বজাত মৃত্যু হয় প্ৰবীণ সাংবাদিকগৰাকীৰ ।গুৱাহাটী মহানগৰীৰ গেটৱে হস্পিতালত মৃত্যু হয় প্ৰবীণ সাংবাদিক গৰাকীৰ ।

ক’ৰ’নাত আক্ৰান্ত হৈ তেওঁ চিকিৎসাধীন   হৈ আছিল ।

সাংবাদিকতাৰ উপৰি কলিতাই বিভিন্ন সমাজসেৱামূলক কামৰ সৈতেও জৰিত হৈ আছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী ,এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত  এৰি থৈ গৈছে । প্ৰবীণ সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে। প্ৰবীণ সাংবাদিক শিৱচৰণ কলিতাৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  গভীৰ শোক ব্যক্ত কৰিছে।