NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ঘোষণা হ’ব নেকি লকডাউন? কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে?

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা May 14, 2021 6:16 pm
him

লকডাউনৰ সম্ভাৱনা গোটেই অসমতে নাই। কিন্তু ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়াত অহা ৭ দিনৰ ভিতৰত উন্নত নহয় তেতিয়া এতিয়াতকৈও বেছি কঠোৰ নিৰ্দেশনাৰ কথা চিন্তা কৰিব লাগিব বুলি GMCH ত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূৰ্বৰ তুলনাত এইবাৰ কোভিডৰ ঘাতক ক্ষমতা বেছি বুলিও তেওঁ উল্লেখ কৰে। ডাবল মিউটেণ্ট ভাইৰাছটোৰ মানুহক মৃত্যু মুখত পেলোৱাৰ ক্ষমতা বেছি বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

ইপিনে, চাহ বাগিচাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা কাইলৈৰ প্ৰকাশ পাব বুলি উল্লেখ কৰি তেওঁ লগতে কয় “কিয়নো ১৩ মে’ৰ পৰা কাৰ্যকৰী হোৱা নিৰ্দেশনাত চাহ বাগান সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল। যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰোৱাইছিল শ্ৰমিকক।”

উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তগুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অচ্যুত বৈশ্য, NHMৰ পৰিচালন সঞ্চালক লক্ষ্মনন এছ, NHM ৰ কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰীসহ অন্য কেইবাজনৰো উপস্থিতিত এক বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকৰ অন্তত সংবাদমাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় “কণ্টেইনমেণ্ট জনৰ ভিতৰত থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক ২ হাজাৰ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব। লগতে ক’ভিডত আক্ৰান্ত হোৱা ৫০ ৰ উৰ্দ্ধৰ ব্যক্তি ১৭ মে ‘ ৰ পৰা হস্পিতালত থকাতো বাধ্যতামুলক হব।”

লগতে ১৭ মে’ৰ পৰাই গুৱাহাটীত প্ৰতিদিনে ২০০০০ টেষ্ট কৰোৱা হব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জিএমচিএইচৰ কাৰ পাৰ্কিঙত ২০০ টা আইচিইউ নিৰ্মাণৰ কাম চলি থকা বুলিও তেওঁ জনায়।

ইপিনে, অসমত বৰ্তমানো বহু পৰিমাণে অক্সিজেন মজুত থকা বুলিও তেওঁ দাবী কৰে। ইয়াৰ বাহিৰেও প্ৰতিদিনে অসমক ২৫ মেট্ৰিক টনকৈ অক্সিজেন  কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি আছে বুলিও তেওঁ উল্লেখ কৰে।