NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰৰ বিশেষ পদক্ষেপ : এতিয়াৰে পৰা অক্সিজেনৰ হোম ডেলিভাৰী দিয়া হ’ব কোভিড ৰোগীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2021 3:34 pm
Oxygen Concentrator Banks

দেশত কৰোনাৰ দ্বিতীয় ঢৌত অক্সিজেনৰ অভাৱৰ বাবেই কৰোনাক্ৰান্তসকলৰ অধিকসংখ্যকে মৃত্যু মুখত পৰিছে।

অক্সিজেনৰ নাটনিয়ে এতিয়াও কোভিড আক্ৰান্তসকলৰ প্ৰাণ কাঢ়ি নি আছে। এনে এক অতি সংকটপূৰ্ণ সময়তে এখন চৰকাৰে ঘোষণা কৰিছে যে এতিয়াৰ পৰা ঘৰে ঘৰে অক্সিজেনৰ চিলিণ্ডাৰ যোগান ধৰা হ’ব।

কোভিডে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰা দিল্লী চৰকাৰে এই ঘোষণা কৰিছে। শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা অক্সিজেনৰ হোম ডেলেভাৰীৰ ব্যৱস্থা কৰা হ’ব।

“বহু সময়ত বিচনাৰ অভাৱত গুৰুতৰভাৱে অসুস্থ কৰোনা আক্ৰান্তসকলক হাস্পতালৰ আইচিইউত ভৰ্তি কৰাব পৰা হোৱা নাই। অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যুও হৈছে। এই পৰিস্থিতিতে অক্সিজেনৰ চাহিদা পূৰণ কৰাৰ বাবে অক্সিজেন কনচেনট্ৰেটৰ বেংক গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।” মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়।

কেজৰিৱালৰ মতে প্ৰতিখন জিলাতে এই বেংক গঢ়ি তোলা হ’ব আৰু প্ৰতিটো বেংকতে ২০০ টাকৈ অক্সিজেন কনচেনট্ৰেটৰ মজুত ৰখা হ’ব।

দুঘণ্টাৰ ভিতৰতে ৰোগীৰ ঘৰত অক্সিজেনৰ যোগান ধৰা হ’ব বুলিও কেজৰিৱালে ঘোষণা কৰিছে। দিল্লী চৰকাৰে হাস্পতালৰ পৰা ৰিলিজ লৈ ঘৰলৈ ঘূৰি অহা কোভিড ৰোগীকো প্ৰয়োজন অনুসৰি এই সেৱা আগবঢ়োৱা হ’ব বুলি প্ৰকাশ কৰিছে।