NORTHEAST NOW (Assamese)
অসম

দেশৰ কোভিড পৰামৰ্শদাতা কমিটিৰ পৰা পদত্যাগ বিশিষ্ট ভাইৰ’লজিষ্ট ছাহিদ জামিলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 12:27 pm
mmmk

দেশত ক’ৰ’নাৰ তৃতীয় ঢৌ অহাৰ আশংকা ঘনীভূত হৈ পৰাৰ সময়তে আজি কোভিড পৰামৰ্শদাতা সমিতিৰ পৰা আচম্বিতে পদত্যাগ কৰে বিশিষ্ট ভাইৰ’লজিষ্ট ছাহিদ জামিলে।

SARS-COV-2 জেন’মিক্স কনছৰ্টিয়াৰ মুৰব্বী হিচাবে নিযুক্ত জামিলে কি কাৰণত পদত্যাগ কৰিছে সেয়া এতিয়াও ৰাজহুৱা কৰা নাই।উল্লেখ্য SARS-COV-2 জেন’মিক্স কনছৰ্টিয়াই দেশৰ ১০ টা প্ৰধান পৰীক্ষাগাৰত কোভিড ভাইৰাছৰ মিউটেছন সন্দৰ্ভত পৰ্যবেক্ষণ অব্যাহত ৰাখিছে।

কোভিড পৰামৰ্শদাতা সমিতি খনৰ মুৰব্বী জামিলে প্ৰথমৰে পৰা দেশত অতিমাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰি আহিছিল।

সেইবাবেই তেওঁৰ ওপৰত কোনো বিশেষ পক্ষই হেঁচা প্ৰয়োগ কৰিব পাৰে বুলিও বহুতে সন্দেহ ব্যক্ত কৰিছে।

১৩ মে’ৰ দিনা বিখ্যাত ভাইৰ’লজিষ্টগৰাকীয়ে নিউয়ৰ্ক টাইমছত এইবুলি লিখিছিল যে ৩০ এপ্ৰিলত দেশৰ ৮০০ গৰাকী বিজ্ঞানীয়ে চৰকাৰক কোভিডৰ সংক্ৰমণ আৰু ভেকচিন প্ৰদান আদি বিষয়ৰ তথ্য বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন চিঠি লিখিছিল।

কোভিড সম্পৰ্কীয় সঠিক তথ্য নথকাৰ বাবেই বিজ্ঞানীসকলে বহু বিষয়ত গৱেষণা তথা পৰ্যবেক্ষণ চলোৱাত বাধাৰ সন্মুখীন হোৱা বুলিও তেওঁ প্ৰৱন্ধটোত প্ৰকাশ কৰিছিল।

এনেবোৰ কাৰণতে কোনো পক্ষই তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

বিশিষ্ট ভাইৰ’লজিষ্টগৰাকীয়ে কোভিডৰ B.1.617 ষ্ট্ৰেইনৰ বিষয়ে গৱেষণা চলাই আহিছিল।

কোভিডৰ এই ষ্ট্ৰেইন ভাৰতত ক’ৰ’নাৰ দ্বিতীয় ঢৌ অহাৰ সময়ত মিউটেড হোৱা বুলি বিদেশৰ বহু দেশে কৈ আহিছে।