NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ কেইবাটাও স্থানত কন্টেইমেন্ট জ’ন ঘোষণা, ৪ গৰাকী লোকৰ মৃত্যু

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 20, 2021 5:22 pm
con122

কলিয়াবৰৰ কেইবাটাও স্থানত কন্টেইমেন্ট জ’ন ঘোষণা কৰা হৈছে।
মঙ্গলবাৰে ৯৯ গৰাকীৰ দেহত ক’ভিড ধৰা পৰাৰ পাছত বুধবাৰে পুনৰ ৬১ গৰাকী ক’ভিড সংক্ৰমিত লোক কভি’ড পৰীক্ষাত ধৰা পৰে। ফলত ক’ভিড সংক্ৰমিত ব‍্যক্তি সংখ্যা ৬৮৮ লৈ বৃদ্ধি পাইছে।

ইয়াৰে ৯৫ গৰাকী ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩৩২ গৰাকী। সক্ৰিয় ৰোগীৰ সংখ‍্যা ৩৫৬ গৰাকী আৰু মৃত‍্যু হৈছে দুজন।

আনহাতে কৰোনাত আক্ৰান্ত হৈ বুধবাৰে নিশা দুজন ৰোগীৰ মৃত্যু কলিয়াবৰত। এজনৰ নাম হেম হাজৰিকা। ঘৰ আখিৰঙাত। আন জনৰ নাম মনিকা শইকীয়া। ঘৰ ভোমোৰাগুৰিত। দুয়োগৰাকী ৰোগী তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

অৱশ্যে মনিকা শইকীয়াৰ মৃত্যুৰ তিনি দিন পূৰ্বে কৰোনা নিগেটিভ ৰিজাল্ট আহিছিল।
এই দুগৰাকীকলৈ কলিয়াবৰত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি হল।

কলিয়াবৰত দিনক দিনে বৃদ্ধি পোৱা কভিড ৰোগীৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ দিশত অগ্ৰসৰ হোৱাত কলিয়াবৰত হঠাত আহি উপস্থিত হলহি জিলা উপায়ুক্ত কভিঠা পদ্মনাভন।

কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভা কক্ষত নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত হয় এখন জৰুৰী সভা।
কলিয়াবৰৰ কেইবাটাও স্থানত কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে ।
কলিয়াবৰত ভয়াৱহ ভাবে বৃদ্ধি পোৱা কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ উপায়ুক্ত কভিঠা পদ্মনাভম উপস্থিতিত মহকুমা কাৰ্য্যালয়ৰ সভাকক্ষত জৰুৰী ভাবে অনুষ্ঠিত হয় এখন বৈঠক ।

ভয়ংকৰ কোভিডৰ পৰিপেক্ষিত্বত অনুষ্ঠিত এই জৰুৰী সভাত কলিয়াবৰৰ স্বাস্থ্য বিভাগৰ বিষয় ববীয়া আৰু মহকুমা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ।

এই সভাতেই কোভিডত আক্ৰান্ত ৰোগীয়ে পাব লগা সা-সুবিধা আৰু জৰুৰী অৱস্থাত কোভিডত আক্ৰান্ত ৰোগীয়ে সকলো সুবিধা যাতে পায় সেই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।