NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ গাডচিৰলিৰ হাবিত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত ১৩ জন নক্সাল বিদ্ৰোহী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2021 3:17 pm
naxals-1

নক্সাল অধ্যুষিত ৰাজ্য মহাৰাষ্ট্ৰত ৰণত পৰিল ১৩ জনকৈ নক্সাল বিদ্ৰোহী।

ৰাজ্য খনৰ গাডচিৰলি জিলাৰ ইটাপাল্লী নামৰ অঞ্চলটোৰ গভীৰ অৰণ্যত আজি নিৰাপত্তা বাহিনীৰ সৈতে নক্সাল বিদ্ৰোহীৰ ভয়ংকৰ সংঘৰ্ষ লাগে।

এই সংঘৰ্ষৰ মাজতে নিৰাপত্তা বাহিনীয়ে হাবিৰ মাজৰ পৰা ১৩ জনকৈ নক্সাল বিদ্ৰোহীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মুম্বাইৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ নিলগত অৱস্থি ইটাপাল্লীৰ অৰণ্যত নক্সাল বিদ্ৰোহীৰ এটা দলে আশ্ৰয় গ্ৰহণ কৰাৰ খবৰ পোৱাৰ পিছতে চি-৬০ কমাণ্ডো বাহিনীয়ে অৰণ্যৰ মাজত অভিযান চলায়।

নিৰাপত্তা বাহিনীৰ উপস্থিতিৰ উমান পোৱাৰ পিছতে নক্সাল বিদ্ৰোহীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।

প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও আক্ৰমণ চলোৱাত ১৩ জন নক্সাল নিহত হয়।

গাডচিৰলি জিলাৰ আৰক্ষী মহাপৰিদৰ্শক সন্দীপ পাটিলে প্ৰকাশ কৰা মতে নক্সালৰ দলটোৱে  হাবিৰ মাজত এখন বৈঠকত অংশগ্ৰহণ কৰিছিল।

নিহত নক্সাল কেইজনৰ মাজত কেইবা জনো শীৰ্ষ নেতা থকা বুলি সন্দেহ কৰা হৈছে।

নক্সাল বিদ্ৰোহীৰ মৃতদেহৰ কাষৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ আৰু বোমা উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।