NORTHEAST NOW (Assamese)
অসম

পিতৃ- মাতৃৰ শ্ৰাদ্ধৰ বাবে ৰখা ধন কোভিড ভেকচিন ক্ৰয়ৰ বাবে আগবঢ়ালে শিৱসাগৰৰ সমাজকৰ্মীয়ে

Posted by:  পাৰ্শ্বজ্যোতি গগৈ Updated by:  পাৰ্শ্বজ্যোতি গগৈ May 24, 2021 3:22 pm
cy

ৰাজ্যত ক’ভিডৰ ভয়াৱহতাৰ সময়ত শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী জগত হাজৰিকাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ।

নিজৰ পিতৃ মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধ পালন নকৰি ক’ভিডৰ ভেকচিন ক্ৰয় কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ আগবঢ়াইছে চল্লিশ হাজাৰ টকা।

আজি শিৱসাগৰ জিলা উপায়ুক্তক চল্লিশ হাজাৰ টকাৰ চেক প্ৰদান কৰি দেশৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত চৰকাৰক সহায় কৰি ব্যক্তিগৰাকীয়ে মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

লগতে ৰাজ্যৰ সকলো সামৰ্থ্যৱান ব্যক্তিক এই দুৰ্যোগৰ সময়ত দৰিদ্ৰজনক সহায় কৰিবলৈ আহ্বান জনায়।

সমাজকৰ্মী জগত হাজৰিকাৰ এই মহৎ কৰ্মক সকলোৱে প্ৰশংসা কৰিছে।