NORTHEAST NOW (Assamese)
অসম

মানুহে মানুহৰ বাবে! গৃহবন্দী হৈ থকা ক’ভিড ৰোগীক বিনামূলীয়া খাদ্য যোগান হৃদয়ৱান যুৱকৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 25, 2021 7:06 am
Biswajit Gogoi

মানৱ জাতিৰ এই  চৰম সংকটৰ দিনত গোলাঘাটৰ এজন হৃদয়বান যুৱক আগবাঢ়ি আহিছে মানৱ সেৱাৰ দৰে মহান ধৰ্ম পালন কৰাৰ মানসিকতাৰে।

যুৱকজন হৈছে বিশ্বজিত গগৈ। কিউজিন চেলেঙী ৰ উদ্যোগত এই যুৱকজনে গোলাঘাটত কৰ’নাত আক্ৰান্ত হৈ গৃহবন্দী হৈ থকা ক’ভিড ৰোগী সকললৈ বিনামূলীয়া খাদ্যৰ যোগান ধৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

সম্পূৰ্ণ সুৰক্ষিত তথা স্বাস্থ্যসন্মত,স্পৰ্শহীন, বীজাণু নিষ্কাষিত এই পেকেজিং খাদ্য লাভ কৰিবলৈ বা তেওঁৰ লগত সংযোগ স্থাপন কৰিবলৈ ৭০০২৭৯৫৩৬১ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

সোমবাৰৰ দিনটোত ৩০ জন ক’ভিড ৰোগীক খাদ্য যোগান ধৰা বিশ্বজিত গগৈক  সহায় কৰিবলৈ আগবাঢ়ি আহিছে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সীমান্তজ্যোতি গগৈ আৰু উপ-সভাপতি আকাশ ফুকনে।

উল্লেখ্য যে, যুৱকজনে নিজে ঘৰে ঘৰে গৈ আক্ৰান্তিত লোকসকলক খাদ্য যোগান ধৰা দেখা গৈছে। তেওঁৰ এই মহান কৰ্মৰাজিক সকলোৱে প্ৰশংসা কৰাৰ লগতে  চ’ছিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে।