NORTHEAST NOW (Assamese)
অসম

মহানুভৱতা! কোভিডত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক ৬০ বছৰলৈকে দৰমহা দিব টাটাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2021 10:44 am
Tata Group decide

কোভিড সংকটৰ পৰিস্থিতিত প্ৰতিদিনেই মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।  কোভিডৰ কৰাল গ্ৰাসত পৰি কোনোবা পৰিয়ালে ইয়াৰ মূল উপাৰ্জনকাৰী সন্তানক হেৰুৱাবলগীয়া হৈছে। কেতিয়াবা সন্তানৰ পৰা আঁতৰি গৈছে পিতৃ-মাতৃও।

এনে এক দিশহাৰা পৰিস্থিতিত মহানুভৱতাৰ বিৰল নিদৰ্শন দাঙি ধৰি টাটা ষ্টীলে ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

টাটা ষ্টীলে ঘোষণা কৰিছে যে কোভিডত তেওঁলোকৰ সংস্থাৰ কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে সেই কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ বয়স পৰ্যন্ত সম্পূৰ্ণ দৰমহা পৰিয়ালে লাভ কৰিব। সেয়াই নহয়, মৃত কৰ্মচাৰীৰ সন্তানৰ পঢ়াশুনাৰ ব্যৱস্থাও কৰিব টাটা ষ্টীলে।

তদুপৰি, কোম্পানীয়ে এই পৰিয়ালসমূহক যাৱতীয় চিকিৎসা তথা আৱাসৰ সুবিধাও প্ৰদান কৰিব।

টাটা ষ্টীল কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে কোভিড সংকটৰ সময়ত কৰ্মচাৰীসকলৰ ভৱিষ্যৎ উন্নত কৰিবলৈ কোম্পানীয়ে সকলোধৰণে প্ৰচেষ্টা চলাইছে। কোভিডৰ সময়ত বিশেষ সুবিধা আগবঢ়োৱাতো হৈছেই, তদুপৰি কৰ্মৰত কোনো শ্ৰমিকৰ মৃত্যু হ’লে তেওঁৰ সন্তানক স্নাতক পৰ্যন্ত পঢ়াশুনাৰ খৰচ বহন কৰিব টাটা ষ্টীলে।

স্বাভাৱিকতে চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পাছত তেওঁলোকৰ পৰিয়ালে পেঞ্চনৰ সুবিধা লাভ কৰে। কিন্তু বেচৰকাৰী সংস্থাৰ কৰ্মচাৰীসকলৰ বাবে এনে সুবিধা নাই। পিচে, কৰ’নাৰ সংকটকালত টাটা ষ্টীলেকে ধৰি কেইবাটাও সংস্থাই যিদৰে কৰ্মচাৰীসকলৰ কাষত থিয় দিছে সেয়া অত্যন্ত প্ৰশংসনীয়।