NORTHEAST NOW (Assamese)
Popular Stories

কাঢ়ি নিয়া হ’ব পাৰে দুটাকৈ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2021 3:18 pm
Sushil Kumar

হত্যাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুবাৰকৈ অলিম্পিক পদক বিজয়ী মুল্লযুঁজাৰু সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান কাঢ়ি নিব পাৰে ভাৰত চৰকাৰে।

দেওবাৰে দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুগৰাকীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই বিষয়ে চিন্তা চৰ্চা কৰা বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে যোৱা ৪ মে’ত সতীৰ্থসহ মল্লযুঁজাৰু সুশীল কুমাৰে ২৩ বছৰীয়া এগৰাকী মল্লযুঁজাৰুক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

সাগৰ ধনকৰ নামৰ মল্লযুঁজাৰুগৰাকীক ছত্ৰশাল ষ্টেডিয়ামৰ পাৰ্কিং প্লেচত সুশীল কুমাৰ আৰু তেওঁৰ সতীৰ্থসকলে আক্ৰমণ কৰাৰ বিভিন্ন তথ্য ইতমিধ্যে আৰক্ষী লাভ কৰা বুলিও প্ৰকাশ পাইছে।

ইফালে ঘটনাটো সংঘটিত কৰিয়ে এজন সতীৰ্থৰ সৈতে অলিম্পিক পদক বিজয়ী সুশীল কুমাৰে আত্মগোপন কৰি আছিল। দিল্লী আৰক্ষীয়ে তেওঁৰ সন্ধান দিওঁতাক এক লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছিল।

দিল্লী আৰক্ষীয়ে মাৰাথান অভিযানৰ পিছত যোৱা দেওবাৰে অভিযুক্ত মল্লযুঁজাৰুগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান কেন্দ্ৰ চৰকাৰে কাঢ়ি নিয়াৰ বাবে চিন্তা চৰ্চা কৰা বুলি এক সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখ্য যে পদ্মশ্ৰী সন্মান চৰকাৰে পুনৰ ওভতাই ল’বলৈ ৰাষ্ট্ৰপতিৰ অনুমতিৰ প্ৰয়োজন হয়। কেন্দ্ৰই পদ্মশ্ৰী সন্মান কাঢ়ি নিলে ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা পদক আৰু প্ৰশস্তি পত্ৰও পুনৰ ওভতাই নিয়াৰ লগতে সমস্ত নথিৰ পৰা প্ৰাপকৰ নাম আৰু তথ্য মচি পেলোৱা হয়।

সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান ওভতাই লোৱাৰ সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই যদিও গৃহ মন্ত্ৰণালয়ে আদালতৰ আদেশৰ বাবে অপেক্ষা কৰি থকা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতেই সুশীল কুমাৰৰ পদ্মশ্ৰী সন্মান ওভতাই লোৱাৰ বাবে ৰাষ্ট্ৰপতিলৈ আবেদন প্ৰেৰণ কৰিব পাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।

“অভিযোগনামা দাখিল কৰিলে ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী সন্মান ওভতাই নিব পাৰিব। যদি পৰৱৰ্তী সময়ত সুশীল কুমাৰ নিৰ্দোষী প্ৰমাণ হয় তেতিয়া আকৌ পুৰস্কাৰটো তেওঁক ঘূৰাই দিব লাগিব।” প্ৰাক্তন গৃহ সচিব এন গোপালস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয়।