NORTHEAST NOW (Assamese)
Popular Stories

কৰোণা ভাইৰাছ ৰোধ কৰিবলৈ ৰাস্তাত নাচি বাগি সমদল! গ্ৰেপ্তাৰ হ’ল ৮৩ জন লোক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2021 7:18 pm
blue-covid

কৰোণাভাইৰাছক ৰোধ কৰিবলৈ সমদল উলিওৱাৰ বাবে গ্ৰেপ্তাৰ হৈছে ৮০ জনৰো অধিক লোক।

চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ সবৰকণ্ঠ জিলাৰ প্ৰান্তীজ তালুকা নামৰ ঠাইখনত।

মঙলবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, লালপুৰ নামৰ গাঁওখনত এশৰো অধিক লোকে ২২ মে’ৰ দিনা এক সমদল বাহিৰ কৰে।

সমদলটোৰ উদ্দেশ্য হৈছে কৰোণাভাইৰাছৰ পৰা গাঁওবাসীক ৰক্ষা কৰা।

সমদলটোত অংশ লোৱা লোকসকলে পৰম্পৰাগত বাদ্য যন্ত্ৰ পৰিৱেশন কৰি নাচ বাগ কৰাৰ উপৰিও মহিলাসকলে মূৰত পানীভৰ্তি একোটাকৈ কলহ কঢ়িয়াই নিয়ে।

সোমবাৰে সমদলটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে স্থানীয় আৰক্ষীৰ দৃষ্টিগোচৰ হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বৰ্তমানলৈকে যোৱা দুদিনত ৮৩ জনকৈ লোকক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছে।

সমদলত অংশ লোৱা লোকসকলক মহামাৰী ব্যাধি আইন, বিপৰ্যয় নিয়ন্ত্ৰণ আইন আৰু  ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত এটা গোচৰত অভিযুক্ত কৰা হৈছে।