NORTHEAST NOW (Assamese)
অসম

কমা নাই কোভিডৰ আতংক: পশ্চিমবংগত পুনৰ ১৫ জুনলৈ বৃদ্ধি কোভিড নিষেধাজ্ঞা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2021 6:54 pm
mam

পশ্চিবংগত এতিয়াও কোভিড মুঠেও নিয়ন্ত্ৰণলৈ অহা নাই।

কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য খনত ১৫ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৫ দিনৰ বাবে কোভিড নিষেধাজ্ঞা ঘোষণা কৰিছিল। ইমানৰ পিছতো ৰাজ্য খনত কোভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাত আজি পুনৰ ১৫ জুনলৈ কোভিড নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি কৰা হয়।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এই প্ৰসংগত কয় যে এয়া সম্পূৰ্ণ লকডাউন নহয়।কোভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে জাৰি কৰা কেতবোৰ নিষেধাজ্ঞাহে।

এই নিষেধাজ্ঞা পূৰ্বৰ দৰেই কঠোৰ ভাবে মানি চলিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক আহ্বান জনায়। কোভিড নিষেধাজ্ঞাৰ সময়ত পশ্চিমবংগত সকলো শৈক্ষিক প্ৰতিষ্ঠান তথা কাৰ্যালয় বন্ধ হৈ আছে।মেট্ৰ’ ৰে’লকে ধৰি সকলো ধৰণৰ ৰাজহুৱা পৰিবহন সেৱা বন্ধ কৰি ৰখা হৈছে।

জৰুৰীকালীন সেৱাৰ লগতে ই-কমাৰ্চ আৰু হোম ডেলিভাৰী ব্যৱস্থা অব্যাহত আছে।মিঠাইৰ দোকান পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব।আ-অলংকাৰ আৰু শাড়ীৰ দোকান দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজালৈ খোলা ৰখাৰ অনুমতি দিয়া হৈছে।

উদ্যোগসমূহ বন্ধ থাকিব যদিও চাহ বাগিচা খোলা থাকিব।চাহ বাগিচাত পূৰ্বে ৩০ শতাংশ শ্ৰমিকক কাম কৰাৰ অনুমতি দিয়া হৈছিল যদিও এতিয়াৰে পৰা ৪০ শতাংশ শ্ৰমিক থাকিব পাৰিব।

উল্লেখ্য আজিৰ দিনটোতে পশ্চিমবংগত ১৬ হাজাৰ লোক কোভিডত আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত মৃত্যু ঘটিছে ১৫৩ গৰাকী লোকৰ।