NORTHEAST NOW (Assamese)
অসম

চমক সৃষ্টিৰ পৰিৱৰ্তে চৰকাৰে বিকল হৈ থকা জলসিঞ্চন প্ৰকল্পৰ মেৰামতিৰ কৰক; কৃষকৰ দাবী

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন May 28, 2021 1:11 pm
Irrigation Golaghat

জনতা চৰকাৰৰ দিনৰে প্ৰয়াত কৃষি মন্ত্ৰী সোণেশ্বৰ বৰাৰ তৎপৰতাত প্ৰতিষ্ঠা হোৱা এটা জলসিঞ্চন প্ৰকল্পৰ উপযুক্ত মেৰামতিৰ অভাৱত বিকল হৈ আছে।

গোলাঘাট জিলাৰ শগুনপাৰা দ-চমুৱাৰ বিস্তীৰ্ণ অঞ্চল সামৰি লোৱা এই প্ৰকল্পটোৱে প্ৰায় শতাধিক কৃষকৰ কৃষি কৰ্মৰ একমাত্ৰ আশা-ভৰসাৰ থল যদিও বৰ্তমান বিকল হৈ থকা প্ৰকল্পটোৰ বাবে কৃষকে সময়ত খেতি কৰিবলৈ অপাৰগ হৈছে।

যিটো সময়ত বান খহনীয়া সমস্যা সমাধানৰ বাবে বৰ্তমানৰ চৰকাৰখনে ব্যাপক চমক সৃষ্টিৰ পদক্ষেপ লোৱা দেখা গৈছে, তেনে সময়তে উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত হাঁহাকাৰ কৰিব লগীয়া হৈছে এইসকল শ্ৰমজীৱি কৃষক।

জিলাখনৰ শগুনপাৰা ,দ-চমুৱা আদি বৃহৎ অঞ্চলৰ শতাধিক কৃষকক সামৰি স্থাপন কৰা এই জলসিঞ্চন প্ৰকল্পটোৰ উপযুক্ত মেৰামতিৰ দাবী জনাইছে কৃষকে।

উল্লেখ্য যে, যোৰহাট সংমণ্ডলৰ অধীনস্থ এই দ-চমুৱা ১নং জলসিঞ্চন প্ৰকল্পৰ  বহু যুগ ধৰি কমেও ১৫ গৰাকী কৰ্মচাৰীয়ে কেৱল শুই -বহিয়েই দিন অতিবাহিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় কৃষক ৰাইজে।

তেওঁলোকে লগতে নতুন চৰকাৰখনে চমক সৃষ্টিৰ পৰিৱৰ্তে এনে বিকল হৈ থকা প্ৰকল্প সমূহ কাৰ্যক্ষম কৰি তুলিলেহে প্ৰকৃত কৃষক উপকৃত হ’ব বুলি দাবী কৰে।