তামুলপুৰৰ বিধায়ক লেহো ৰাম বড়োৰ অৱস্থা সংকটজনক: জিএমচিএইছৰ আইচিইউত ভৰ্তি

৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক লেহো ৰাম বড়োক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হৈছে।
কালি লেহো ৰাম বড়ো পুৱাৰ ভাগত কিছু শাৰীৰিক অসুস্থতাত ভোগাৰ বাবে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁ উপস্থিত হয় আৰু কোভিড পৰীক্ষা কৰাত তেওঁৰ দেহত কোভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰে ।
লগে লগে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।
নিশা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ইন্টেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয় আৰু বাতৰি লিখাৰ পৰলৈকে তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
আজি সন্ধিয়া অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বিটিচিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, বিজেপি নেতা সোমনাথ বসুমতাৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত উপস্থিত হয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক লগ ধৰি তামুলপুৰৰ বিধায়ক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে তামুলপুৰৰ বিধায়ক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।
ইপিনে লেহো ৰাম বড়োৰ আশু আৰোগ্য কামনাৰে আজি তামুলপুৰৰ বিভিন্ন দল, সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।