NORTHEAST NOW (Assamese)
অসম

পুনৰ গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত; চিকিৎসালয়ত ভৰ্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 29, 2021 4:05 pm
Prafulla_Kumar_Mahanta_PTI134

পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

দুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক দিল্লীৰ AIIMSৰ পৰা অনা হৈছিল। স্বাস্থ্যৰ পুনৰ দ্ৰুত অৱনতি ঘটাত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মু্খ্যমন্ত্ৰীগৰাকীক।

জানিব পৰা মতে বিগত বৰ্ষত দুবাৰকৈ হৃদৰোগৰ স্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে বঢ়মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকী।

এইবাৰ তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰাও বিৰত আছিল। অতি কম বয়সতে মুখ্যমন্ত্ৰী হোৱা হিচাপে মহন্তৰ ভাৰতৰ ৰাজনীতিত আছে এক অনন্য পৰিচয়।

তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে ফেচবুকযোগে আশু-আৰোগ্য কামনা কৰিছে তেওঁৰ অনুৰাগীসকলে।