NORTHEAST NOW (Assamese)
অসম

বিদেশৰ ছটা বিশেষ ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৃষক মুক্তিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 29, 2021 4:29 pm
British & Irish Lions

২৮ মেত ভাৰত চৰকাৰে এক নিৰ্দেশনা যোগে পাকিস্তান, বাংলাদেশ, আফগানিস্তানন আদি দেশৰ পৰা হিন্দু, বৌদ্ধ, পাৰ্চি, জৈন, খ্ৰীষ্টানকে ধৰি ছয়টা ধৰ্মাৱলম্বী লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ লোৱা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰে।

শিৱসাগৰত সংবাদ মাধ্যমৰ ওচৰত এই কথা প্ৰকাশ কৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ কৰিবলৈ ৰাইজক আহ্বান জনায়।

কা আন্দোলনক ন্যসাৎ কৰি ভাৰত চৰকাৰে বিদেশীক নাগৰিকত্ব প্ৰদান কৰিবলৈ লোৱা কাৰ্য ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিস্বৰূপ বুলি মন্তব্য কৰিছে ধৈৰ্য্য কোঁৱৰে।

অসমতো যাতে বিদেশীৰ বোজা জাপি দিব নোৱাৰে তাৰ বাবে ৰাজ্যত পুনৰ ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ কৰি তোলা হব বুলি হুংকাৰ দিয়ে ধৈৰ্য্য কোঁৱৰে।

আনহাতে দেশত ইটোৰ পিছত সিটোকৈ সংঘটিত হোৱা নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে নাৰী সুৰক্ষাৰ বাবে আইন প্ৰণয়ন আৰু ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় কৃষক নেতাগৰাকীয়ে।