NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা মহকুমাৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ; তীব্র চাঞ্চল্য

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ June 3, 2021 7:34 am
Deadbody Margherita

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলত বুধবাৰে এজন অচিনাক্ত ব্যক্তিৰ চিপজৰী লোৱা অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে, দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলত এজন অচিনাক্ত ব্যক্তিৰ অৰ্ধ গলিত মৃতদেহ গছত চিপলৈ থকা অৱস্থাত বৰডুমচা আৰক্ষী প্ৰশাসনে উদ্ধাৰ কৰে।

প্রাপ্ত তথ্য অনুসৰি মাখি, পোকেৰে আবৰি থকা অৰ্ধ গলিত মৃতদেহৰ পৰা ওলোৱা গোন্ধ পাই স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে।

মৃত ব্যক্তিজনৰ বয়স প্ৰায় ৩৫/৩৬ বছৰ হব বুলি অনুমান কৰা হৈছে।