NORTHEAST NOW (Assamese)
অসম

ফৰকাটিঙত বৃহৎ পৰিমানৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 4, 2021 1:16 pm
Golaghat Drugs

অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী  সমগ্র ৰাজ্যত ড্ৰাগছৰ উৎখাত অভিযান আৰম্ভ হৈছে। প্ৰত্যেক দিনাই ড্ৰাগছ ব্যৱসায়ীৰ গ্ৰেপ্তাৰে সংবাদ শিৰোনাম দখল কৰিছে।

গোলাঘাটতো বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে চলোৱা অভিযানত ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈ আছে।

এইবাৰ পুনৰ গোলাঘাট ফৰকাটিঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে।

গোলাঘাটৰ ফৰকাটিং ২ নং ফাটোৱাল গাঁৱৰ পৰা ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে।

বহুদিনৰ পৰা ফৰকাটিং ২ নং ফাটোৱাল গাঁও তথা বৃহত্তৰ ফৰকাটিং অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল চন্দন বৰুৱাই।

ফৰকাটিং আৰক্ষীয়ে লাভ কৰা গোপন সূত্ৰৰ পম খেদি চন্দন বৰুৱা বাসগৃহত তালাচী চলাই ১০ গ্ৰাম হেৰইনসহ গ্ৰপ্তাৰ কৰে চন্দন বৰুৱাক।

নিষিদ্ধ ড্ৰাগছসমূহ ঘৰৰ টিনৰ মাজত লুকুৱাই থৈছিল চন্দনে। আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছ সমূহ উদ্ধাৰ কৰে।