NORTHEAST NOW (Assamese)
অসম

আমাক এখন দলং লাগে; মাৰ্ঘেৰিটাৰ জাগুনত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ June 12, 2021 2:48 pm
Margherita bridge story

মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুণ কথা চেমা গাঁৱৰ সংযোগী এখন পকী দলং নিৰ্মাণৰ দাবীত বুঢ়ীদিহিং নদীৰ পাৰত স্থানীয় ৰাইজ তথা ছাত্র মুক্তি সংগ্ৰাম সমিতি সদস্য সকলে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটাৰ সমষ্টিৰ অন্তৰ্গত জাগুণ কথা চেমা গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি দীৰ্ঘদিনীয়া সমস্যা হিচাপে নদী পাৰ হওঁতে যাতায়তৰ নামত যমৰ যন্ত্ৰণা ভুগি আহিছে।

বাৰিষা আহিলেই নদীৰ বুকুত বহুতো দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বিপদসংকুলভাৱে এখন মাত্ৰ নাৱেৰে যান বাহন পাৰ কৰিব লগীয়া হোৱাত কথা চেমা গাঁৱৰ ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামি পৰাৰ লগতে পকী দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।