NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয়ৰ প্ৰতিবন্ধীসকলৰ দাবী বিবেচনাৰ আশ্বাস মুখ্য মন্ত্ৰী চাংমাৰ

Posted by: এন ই নাও নিউজ March 28, 2018 6:38 pm

প্ৰতিবন্ধী খাচি লোকসকলৰ সমস্যাৰাজি বিবেচনা কৰাৰ আশ্বাস দিছে মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে। খাচি প্ৰতিবন্ধী সংস্থাই (Khasi Disabilities Association) আজি ২৮ মাৰ্চত মুখ্য মন্ত্ৰী কনৰাদ চাংমাক লগ কৰি তেওঁলোকৰ দাবীসম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে।

অহা মাহত বাজেট অধিৱেশনৰ পিছত সংশ্লিষ্ট বিভাগ আৰু ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰীৰ সৈতে এখন যুটীয়া বৈঠকৰ বাবে মুখ্য মন্ত্ৰীয়ে সংস্থাটোক আমন্ত্ৰণ জনায়।

প্ৰতিবন্ধী লোকৰ অধিকাৰ আইন, ২০১৬ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিবন্ধী লোকৰ বাবে ঘোষণা কৰা ৪ শতাংশ সংৰক্ষণ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী কৰিবলৈ মুখ্য মন্ত্ৰীগৰাকীক সংস্থাটোৱে অনুৰোধ কৰে।

মুখ্য মন্ত্ৰীয়ে তেওঁলোকৰ সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

প্ৰতিবন্ধীসকলৰ বাবে আন্তঃগাঁথনি নিৰ্মাণকে ধৰি সংস্থাটোৱে কৰা আন দাবীসমূহো মুখ্য মন্ত্ৰীয়ে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে।